মিচিং সাংস্কৃতিক জগতৰ প্ৰবাদপুৰুষ অইৰাম বৰিৰ জীৱনী গ্ৰন্থ উন্মোচন

ডিজিটেল ডেস্ক, জোনাই: মিচিং সাংস্কৃতিক জগতৰ প্ৰবাদ পুৰুষ অইৰাম বৰিৰ জীৱন আৰু সামাজিক অৱদান সম্পৰ্কে লেখক তথা সাংবাদিক বিজয় বৰিয়ে যুগুত কৰা “দৃৰবৃ বা:বু অইৰাম বৰি” নামৰ পুথিখন জোনাই সদৰত অৱস্থিত ঙাচাৰচুক’ উকুমত উন্মোচন কৰা হয়। জোনাই প্ৰেছ ক্লাবৰ সভাপতিয়ে আঁতধৰা গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাহিত্যিক, শিল্পী পেঞ্চনাৰ ইন্দ্ৰেশ্বৰ পেগুৱে পুথিখন উন্মোচন কৰে।

ক’ভিড প্ৰটকলৰ মাজেৰে অনুষ্ঠিত সভাখনত উন্মোচক ইন্দ্ৰেশ্বৰ পেগুৱে কয় “দৃৰবৃ বা:বু অইৰাম বৰি” নামৰ পুথিখন দেখিবলৈ ক্ষুদ্ৰ হ’লেও যথেষ্ট মূল্যবান। ইফালে, গ্ৰন্থখনৰ লেখক বিজয় বৰিয়ে কয় তদানীন্তন নেফা প্ৰশাসনিক অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰবীণ শিল্পী অইৰাম বৰিৰ সামাজিক অৱদানক নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্য পুথিখন ৰচনা কৰা হৈছে।

উল্লেখ্য যে, মিচিং সকলৰ জাতীয় উৎসৱ আলি আয়ে লৃগাং উৎসৱত গোৱা নৃত্য গীত সংৰক্ষণ, বিলুপ্ত প্ৰায় মিচিং লোক সংগীত প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা শিল্পী গৰাকীৰ জীৱনী পুথিখন অধ্যয়ন কৰিলে অইৰাম বৰিৰ শিল্প-কলাৰ লগতে সামাজিক অৱদানৰ বিষয়ে জানিব বিচৰা অনুসন্ধিৎসু পাঠকৰ বাবে উপকৃত হ’ব বুলি আশা কৰা হৈছে। সভাত গ্ৰন্থখনৰ প্ৰকাশক জয়ন্ত বৰিয়েও বক্তব্য কৰে। তদুপৰি, সাংবাদিক ৰয়েল পেগু, প্ৰফুল্ল কমান, লেখক তোষেশ্বৰ মিৰি আগৰৱালা, শিক্ষক মহানন্দ কুলি আদিয়ে মননশীল বক্তব্য ৰাখে।

DA News PlusInaugurationMiching Culture
Comments (0)
Add Comment