কৃষ্ণাই নৈৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে মেন্দিপথাৰৰ নামাপাৰালৈ

ডিজিটেল ডেস্ক, গোৱালপাৰা: চৰম ভাবুকি কঢ়িয়াই আনিছে মেন্দিপথাৰৰ নামাপাৰালৈ। হাহাকাৰ নৈপৰীয়া ৰাইজৰ। উজাগৰী নিশা কটাবলগীয়া হৈছে এইসকল দুৰ্ভগীয়া ৰাইজে। হয়, গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত মেন্দিপথাৰ নামাপাৰা অঞ্চলৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে কৃষ্ণাই নৈয়ে ৷ কৃষ্ণাই নৈৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে অসম-মেঘালয় সীমান্তৱৰ্তী মেন্দিপথাৰৰ নামাপাৰা অঞ্চললৈ ৷ প্ৰায় বাৰশ লোকৰ বসতিস্থল নামাপাৰা অঞ্চলত বছৰৰ পিছত বছৰ ধৰি অব্যাহত আছে গৰাখহনীয়া। ইতিমধ্যে অঞ্চলটোৰ বহু কৃষিভূমি জাহ গৈছে কৃষ্ণাই নৈৰ বুকুত ৷ শেহতীয়াকৈ ভাবুকি নামি আহিছে নামাপাৰাৰ বসতিস্থললৈ ৷

উপায়ন্তৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি নামি পৰিছে গৰাখহনীয়া প্ৰতিৰোধত ৷ কাৰণ এই সমস্যা সন্দৰ্ভত ৰাইজে সমষ্টিটোৰ বিধায় , খণ্ড উন্নয়ন বিষয়া, জিলা পৰিষদ সকলোকে আবেদন জনাই আহিছে যদিও আজিকোপতি অঞ্চলটোৰ সমস্যাৰ প্ৰতি কোনেও গুৰত্ব আৰোপ কৰা নাই ৷ ৰাইজৰ অভিযোগ যে কেৱল নিৰ্বাচনৰ সময়তহে এইসকল জনপ্ৰতিনিধিক দেখা পায়। তাকো ভোট বিচাৰি আহে। নিৰ্বাচনৰ পিছত সকলো প্ৰতিশ্ৰুতি পাহৰি যায় এইসকল জনপ্ৰতিনিধিয়ে। ৰাইজৰ শেহতীয়া আশাৰ স্থল দুধনৈ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক গৰাকী ৷ এই ক্ষেত্ৰত দুধনৈৰ নৱ নিৰ্বাচিত বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে কি ভূমিকা গ্ৰহণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব নামাপাৰাৰ ভৱিষ্যৎ ৷

DA News PlusDudhnoiGoalparaLandslide
Comments (0)
Add Comment