অসমত হ্ৰাস হোৱা নাই ক’ৰোনাৰ সংক্ৰমণ

ৰাজ্যত ৪৮ ঘণ্টাত ক’ভিড সংক্ৰমণৰ হাৰ সামান্য ঊৰ্দ্ধগামী৷ সোমবাৰে নতুনকৈ আক্ৰান্ত ২,৬৪০গৰাকী, মৃত্যু হৈছে ৩১গৰাকীৰ৷ কেইবাখনো ক’ভিড হটস্পট জিলাত আক্ৰান্ত হ্ৰাস পাইছে যদিও গোলাঘাট, শোণিতপুৰত বাঢ়িছে আক্ৰান্তৰ সংখ্যা৷

গোলাঘাটত সোমবাৰে ৩৩৩গৰাকীৰ আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩ গৰাকীৰ৷ ইফালে শোণিতপুৰত সোমবাৰে ২৩৩গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৪গৰাকীৰ৷ ৰাজ্যত সোমবাৰৰ দিনটোত ক’ভিড পজিটিভিটী ২.২৭ শতাংশ৷

ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিছিল যে সংক্ৰমণ বৃদ্ধি হোৱা জিলাৰ বাবে SOPত আহিব কঠোৰ নিৰ্দেশনা৷ গোৱালপাৰা, মৰিগাঁও, বিশ্বনাথৰ পিছত শোণিতপুৰ আৰু গোলাঘাটকলৈ নতুন SOPত আহিব পাৰে কঠোৰ নিৰ্দেশনা৷

AssamCovidDA News PlusInfection
Comments (0)
Add Comment