৪ মাহত উত্তৰাখণ্ডত তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰী সলনি

চাৰি মাহৰ ভিতৰত তৃতীয়বাৰলৈ চৰকাৰৰ মূৰব্বী সলনি উত্তৰাখণ্ডত৷ বিজেপিশাসিত ৰাজ্যখনত মুখ্যমন্ত্ৰী হিচাপে দেওবাৰে শপত ল’লে পুষ্কৰ সিং ধামীয়ে৷ শুকুৰবাৰে নিশা ৰাজ্যপাল বেবীৰাণী মৌৰ্যক পদত্যাগ পত্ৰ দাখিল কৰিছিল তীৰ্থ সিং ৰাৱাটে৷ তীৰ্থ সিঙৰ পদত্যাগৰ পিছতে শনিবাৰে বিজেপি বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মত সিদ্ধান্তত নতুন মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰা হয় ধামীক৷

লক্ষণীয় বিষয় এয়ে যে, যোৱা ১০ মাৰ্চত ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ পদত্যাগৰ পিছত নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল তীৰ্থ সিং ৰাৱাটে৷ গাঢ়ৱালৰ সাংসদজনে ছমাহৰ ভিতৰত বিধানসভালৈ নিৰ্বাচিত হৈ আহিব লাগিছিল যদিও ক’ৰোনা পৰিস্থিতিৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত নহ’ল৷

উপ-নিৰ্বাচন অনুষ্ঠিত নোহোৱাৰ পৰিণতিত সাংবিধানিক সংকট সৃষ্টি হোৱাৰ সম্ভৱনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাৱাটে পদত্যাগ কৰা বুলি উল্লেখ কৰিছে৷ অৱশ্যে ৰাৱাটৰ পদত্যাগৰ কাৰণ ৰাজ্যিক বিজেপিৰ অন্তদ্বন্দ বুলিও চৰ্চালৈ আহিছে৷ ইয়াৰ মাজতে আজি পুষ্কৰ সিং ধামীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়।

CMDA News PlusUttarakhand
Comments (0)
Add Comment