কল্পনা চাওলাৰ পিছত এইবাৰ মহাকাশলৈ উৰা মাৰিব ছিৰিশা বান্দলা

ডিজিটেল ডেস্ক, গুৱাহাটী: মহাকাশলৈ আন এগৰাকী ভাৰতীয় মুলৰ মাৰ্কিন নাৰী। কল্পনা চাওলাৰ পিছত এইবাৰ মহাকাশলৈ উৰা মাৰিব ছিৰিশা বান্দলা নামৰ এইগৰাকী ভাৰতীয় মূলৰ নাৰী। ১১ জুলাইত ভাৰ্জিন গেলেক্টিকৰ এটা ৰকেটেৰে তেওঁ উৰা মাৰিব মহাকাশলৈ।

বান্দলাৰ সৈতে ভাৰ্জিন গেলেক্টিকৰ প্ৰতিষ্ঠাতা ৰিচাৰ্ড বেনছন আৰু ৩জন লোকে উৰা মাৰিব মহাকাশলৈ। ব্যক্তিগত খণ্ডত চলোৱা মহাকাশ অভিযানৰ ক্ষেত্ৰত এই যাত্ৰা হ’ব বিশেষ গুৰুত্বপূৰ্ণ। ছিৰিশা বান্দলা জন্মসূত্ৰে অন্ধ্ৰপ্ৰদেশৰ। কিন্তু তেওঁ ডাঙৰ-দীঘল হয় টেক্সাছৰ হিউষ্টনত। পাৰ্ডিউ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পৰৱৰ্তী সময়ত স্নাতক ডিগ্ৰী লাভ কৰে। সৰুৰে পৰাই মহাকাশচাৰী হোৱাৰ সপোন দেখি আহিছিল বান্দলাই।

DA News PlusFlying to spaceSirisha Bandla
Comments (0)
Add Comment