“সুগন্ধি পখিলা” ৰ কবি হীৰেন ভট্টাচাৰ্যৰ আজি নৱম মৃত্যুবাৰ্ষিকী

ডিজিটেল ডেস্ক, গুৱাহাটী: “সুগন্ধি পখিলা” ৰ কবি ৰূপে খ্যাত হীৰেন ভট্টাচাৰ্যৰ আজি নৱম মৃত্যুবাৰ্ষিকী। তেখেতৰ এই দিনটোত সকলোৱে শ্ৰদ্ধাৰে সুঁৱৰিছে। অসমীয়া কবিতাৰ এক প্ৰসিদ্ধ নাম ‘হীৰুদা’। ‘হীৰুদা’ নামে পৰিচিত হীৰেন ভট্টাচাৰ্যৰ কবিতা অসমীয়া কবিতাপ্ৰেমী খুবেই জনপ্ৰিয় ৷ তেওঁৰ কাবিক্যতা আৰু কথনশৈলীয়ে কবিতাক অন্য মাত্ৰা প্ৰদান কৰিছিল। কবিতা কম ভালপোৱা বা কমকৈ বুজি পোৱা লোকৰ বাবেও হীৰুদাৰ কবিতা আছিল তেনেই সহজবোধ্য তথা সমানে প্ৰিয়। চিৰসেউজ হৈ থকা হীৰুদাৰ এই কবিতাবোৰৰ মাজতে আজি কাব্যপ্ৰেমীসকলে বিচাৰি পায় হীৰুদাক। নিজৰ কবিতাৰ দৰেই কবি হীৰুদা আজিও অমৰ। হীৰুদাৰ মৃত্যু আজি এটা শিল্প।

কবি হীৰেন ভট্টাচাৰ্যই ১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত জন্মগ্ৰহণ কৰিছিল। তেখেতে স্কুলীয়া জীৱন আৰম্ভ কৰে ডিব্ৰুগড়ৰ গ্ৰেহাম বজাৰ এম.ই. স্কুলৰ পৰা। তেজপুৰৰ পৰা শিক্ষাজীৱন সমাপ্ত কৰে। ১৯৪৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়।  ১৯৬৪ চনত হীৰেন ভট্টাচাৰ্য বোৰ্কালৈ যায় আৰু তাৰ এখন স্কুলত শিক্ষকতা আৰম্ভ কৰে ৷

 তেওঁৰ প্ৰথম কবিতা প্ৰকাশ পায় ১৯৫৭ চনত ৷ তেখেতৰ প্ৰথম কবিতা পুথি ‘মোৰ দেশ, মোৰ প্ৰেমৰ কবিতা’ প্ৰকাশ হয় ১৯৭২ চনত ৷ তেখেতৰ  মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে আৰু লগতে বঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনুদিত হৈছে। তেখেতৰ উল্লেখযোগ্য সাহিত্যকৰ্ম সমূহ হৈছ তোমাৰ গান (১৯৭২), বিভিন্ন দিনৰ কবিতা (১৯৭৪), কবিতাৰ ৰ’দ (১৯৭৬), সুগন্ধি পখিলা (১৯৮১), শইচৰ পথাৰ মানুহ(১৯৯১), মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকা মাটি ৷

“বিভিন্ন দিনৰ কবিতা” গ্ৰন্থৰ বাবে ১৯৭৬ চনত অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা লাভ কৰে। সুগন্ধি পখিলা’ গ্ৰন্থৰ বাবে ১৯৮৫ ‘অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা লাভ কৰে। ‘সুগন্ধি পখিলা’ গ্ৰন্থৰ বাবে  ১৯৮৭ চনত চোভিয়েট দেশ নেহেৰু বটাঁও লাভ কৰিবলৈ সক্ষম হয়। ‘শইচৰ পথাৰ মানুহ’ গ্ৰন্থৰ বাবে ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা আৰু ১৯৯৩ চনত ভাৰতীয় ভাষা পৰিষদৰ ‘বজালিনী বঁটা লাভ কৰে। ২০০০ চনত ‘অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰিবলৈ সক্ষম হয়। ২০১০ অসম চৰকাৰৰ গণেশ গগৈ বঁটাৰে সন্মানিত কৰা হয়।  

তেখেতৰ স্বকীয় কাব্যশৈলী আৰু গীতবোৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰালটোক চহকী কৰাই নহয়, নতুন প্ৰজন্মক দেখুৱাই থৈ গৈছে সৃষ্টিশীলতাৰ বাট। হীৰুদাৰ অতুলনীয় সৃষ্টিৰাজি সুগন্ধি পখিলাৰ দৰে আমাৰ মাজত সদায়েই সজীৱ হৈ ৰ’ব।
 

DA News PlusDeath AnniversaryHiren Bhattacharya
Comments (0)
Add Comment