ক’ৰোনাই সলনি কৰিলে শিল্পী অংকুৰ কাশ্যপৰ জীৱনৰ গতিপথ

ডিজিটেল ডেস্ক, ঢকুৱাখানা: ক’ৰোনাই কি কৰা নাই? সলনি কৰিছে সকলোৰে জীৱন। কাল ক’ৰোনাৰ এই নিষ্ঠুৰ সময়ৰ ওচৰত হাৰ মানি জীৱনৰ গতিপথ সলনি কৰিলে বহুজনে। অপ্ৰত্যাশিতভাৱে সুখময় জীনৱলৈ নামি আহে চৰম দুৰ্দশা। হতাশাত ভাঙি নপৰি পৰিয়ালৰ ভোক নিবাৰণৰ বাবে বদ্ধপৰিকৰ হৈ ইয়াৰে একাংশই অন্য পথ বা ব্যৱসায়ৰ সন্ধান কৰা পৰিলক্ষিত হৈছে।
শিল্পী অংকুৰ কাশ্যপৰ জীনৱতো পৰিৱৰ্তন আহিছে। সংগীত জগত এৰি আহি ৰাজ মিস্ত্ৰীৰ কামত ধৰিছে। ঢকুৱাখানাৰ জন্মলাভ কৰা গাঁৱত ৰাজ মিস্ত্ৰীৰ কামেৰে চলাই গৈছে জীৱন সংগ্ৰাম।

কভিড’ সৃষ্ট পৰিৱেশৰ বাবেই এতিয়া বাধ্য হৈ বহুজনে নিজৰ জীৱন-জীৱিকা সলনি কৰিব লগীয়া হৈছে। সংগীতকে পেছা হিচাপে লৈ গুৱাহাটীত জীৱন আৰম্ভ কৰা ঢকুৱাখনাৰ প্ৰতিভাবান কণ্ঠশিল্পী অংকুৰ কাশ্যপ পৰিছে এতিয়া তীব্ৰ আৰ্থিক সমস্যাত। “ৰাধিকা”ৰে অসমৰ সংগীত জগতত পৰিচিত হৈ উঠা অংকুৰ কাশ্যপে এতিয়া কভিড’ পৰিস্থিতিৰ বাবে গুৱাহাটীৰ পৰা ঘৰলৈ উভটি আহি গাঁৱে গাঁৱে পকা মিস্ত্ৰীৰ কাম কৰি চলাইছে জীয়াই থকাৰ সংগ্ৰাম। কভিড’ আৰু লক ডাউনৰ বাবে সংগীত চৰ্চাৰ পৰিৱেশ নথকাত পকা মিস্ত্ৰীৰ কাম কৰি হলেও এতিয়া আগবাঢ়িব বিচাৰে অংকুৰে।

Change ProfessionDA News PlusPandemicSinger
Comments (0)
Add Comment