ভয়ানক আৰ্চেনিকৰ বাবেই বোকাখাতৰ এটা বৃহৎ অঞ্চললৈ নামিছে ভয়ংকৰ দুৰ্যোগ

ডিজিটেল ডেস্ক, বোকাখাত: ভয়ানক আৰ্চেনিকৰ বাবেই বোকাখাত মহকুমাৰ এটা বৃহৎ অঞ্চললৈ নামিছে ভয়ংকৰ দুৰ্যোগ। ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি বয়োজেষ্ঠলৈকে ইজনৰ পিছত সিজন আক্ৰান্ত হৈছে জটিল ৰোগত। বিশেষকৈ বৃক্ক, পেৰালাইচিছৰ দৰে ৰোগত আক্ৰান্ত হৈছে বহু লোক।

বানে বিধ্বস্ত কৰা মহুৰামুখৰ গেলাবিল, দিছৈ নদীৰ পাৰৰ ২০ খনৰো অধিক গাঁৱত বৃদ্ধি পাইছে বৃক্ক, যকৃত আদি দুৰাৰোগ্য ব্যাধি । শেহতীয়াকৈ বৰটীকা গাঁৱৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী আক্ৰান্ত হৈছে এনে দুৰাৰোগ্য ৰোগত। নিকুমণি বৰা নামৰ ছাত্ৰীগৰাকীৰ দুয়োটা বৃক্কই বিকল হোৱা বুলি ঘোষণা কৰিছে চিকিৎসকে। এতিয়া উন্নত চিকিৎসাৰ বাবে GMCH লৈ নিবৰ বাবে স্থানীয় গাঁওবাসীয়ে এটকা-দুটকাকৈ সহায়ৰ হাত আগবঢ়াইছে যদিও ছাত্ৰীগৰাকীক চিকিৎসাৰ বাবে নিব পৰা নাই গুৱাহাটীলৈ।

এনে পৰিস্থিতিত দিশহাৰা হোৱা অঞ্চলবাসীয়ে সহায় বিচাৰিছে মুখ্যমন্ত্ৰী প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ। মাত্ৰ ১৫ দিনৰ পূৰ্বে অঞ্চলটোৰ নামটেমেৰা গাঁৱত দুয়োটা বৃক্ক বিকল হোৱাৰ বাবে এজন ৩৮ বছৰীয়া যুৱকৰো মৃত্যু হৈছিল। একেদৰে গৰৈমাৰী গাঁৱৰ শিখা বৰা নামৰ ছাত্ৰী গৰাকী আক্ৰান্ত পেৰালাইচিচ ৰোগত। বিশুদ্ধ খোৱাপানীৰ অভাৱতে এই অঞ্চলটোত এনে ব্যাধিৰ পৰিমাণ বৃদ্ধি হোৱা বুলি কাৰণ দৰ্শাইছে অঞ্চলবাসীয়ে।

ভয়ানক আৰ্চেনিকৰ সমস্যাৰ বাবেই যোৱা ২০ বছৰ ধৰি এটুপী বিশুদ্ধ খোৱাপানী নাপায় দিছৈ-গেলাবিল নৈ-পৰীয়া ৰাইজে। যাৰ বাবে কৃষিজীৱী প্ৰায় ৪০ হাজাৰ লোকৰ বসতি প্ৰধান বৃহৎ অঞ্চলটোৰ ইখনৰ পিছত সিখন গাঁৱত দেখা দিছে ভয়ংকৰ ব্যাধিয়ে । বানবিধ্বস্ত অঞ্চলটোত এতিয়া ভূতৰ ওপৰত দানহ পৰাৰ দৰে ঘটনাই শংকিত কৰি তুলিছে দৰিদ্ৰ ৰাইজক।

ArchenicBokakhatDA News Plus
Comments (0)
Add Comment