ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। জুইত সম্পূৰ্ণ জাহ গ’ল এটা বাসগৃহ। চহৰখনৰ মিলন নগৰৰ অসমী সংঘৰ সমীপত তুলসী গাঁৱত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।

সন্ধিয়া ভাত ৰান্ধি থকাৰ সময়তে দৈৱকী দাস আৰু অঞ্জলি দাস নামৰ মহিলা দুগৰাকীৰ ঘৰত সূত্ৰপাত হয় এই জুইৰ। স্থানীয় লোকৰ তৎপৰতাৰ বাবে কোনোমতে আন বাসগৃহলৈ জুই বিয়পি নপৰে। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে যদিও বাসগৃহটো সম্পূৰ্ণৰূপে জ্বলি যায়। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।

Assam Breaking NewsAssam FireDA News PlusDibrugarhFire
Comments (0)
Add Comment