লিকাবালিৰ অসম-অৰুণাচল সীমান্তৰ বিবাদমান মালিনীথানৰ ভূমিক লৈ গুৰুত্বপূৰ্ণ আলোচনা

ডিজিটেল সংবাদ, চিলাপথাৰঃ লিকাবালিত সঘনাই সংঘটিত হৈ আহিছে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সীমা বিবাদ। এসময়ত অসমৰ এলেকাধীন উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় বৃহৎ শক্তিপীঠ মালিনীথান বৰ্তমান অৰুণাচল প্ৰদেশৰ এলেকাধীন। মালিনীথানৰ নামনিত থানখনৰ দখলত থকা মালিনীমেলা পতা পথাৰখক লৈ বহুদিনৰে পৰা চলি চলি আহিছে দুয়ো ৰাজ্যৰ উত্তেজনা

ৰাজহ বিভাগৰ তথ্য অনুসৰি এই এলেকাতো বৰ্তমানেও চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনত আছে যদিও অৰুণাচল প্ৰদেশে তেওঁলোকৰ বুলি দাবী কৰি আহিছে। অসম অৰুণাচলৰ সীমান্তৰ সীমা সমস্যা আঁতৰ নোহোৱা পৰ্যন্ত স্থিতাৱস্থা বাহাল ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দি ৰাখিছে। কিন্তু উক্ত বিবাদৰ পৰিপ্ৰেক্ষিতত কেইবাবছৰো ধৰি ঐতিহাসিক মালিনীমেলা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈ আহিছে।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনিবাৰ থানখন ভ্ৰমণ কৰি থানখনৰ পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰি গৈছে। সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰিবৰ বাবে শনিবাৰে লিকাবালিত দুয়োখন ৰাজ্যৰ মাজত এখন উচ্চ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়।

আলোচনাত জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু, লিকাবালিৰ বিধায়ক কাৰদো নেইগৰ, ধেমাজিৰ উপায়ুক্ত বিজয় ভাস্কৰ ৰেড্ডী, নামনি চিয়াং জিলাৰ উপায়ুক্ত মাক্ত ৰিবা কে ধৰি দুয়োখন ৰাজ্যৰ বহুকেইজন উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। আলোচনাৰ সিদ্ধান্ত অনুসৰি উক্ত পথাৰখন থান পৰিচালনা সমিতিৰ দায়িত্বত প্ৰদান কৰি থানখন উন্নয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ArunachalAssamControversyDA News PlusLand '
Comments (0)
Add Comment