লখিমপুৰত এশ বছৰীয়া বৃদ্ধাক প্ৰহাৰ কৰিলে উদণ্ড যুৱকে

লখিমপুৰৰ মহাইজানৰ পটিয়াত অমানৱীয় ঘটনা৷ এশ বছৰীয়া বৃদ্ধাক প্ৰহাৰ কৰিলে উদণ্ড যুৱকে। লখিমপুৰৰ মহাইজান পটিয়া গাৱঁৰ নিবাসী তৰুণ হাজৰিকাৰ এশ বছৰীয়া বৃদ্ধা মাতৃ ধৰ্মেশ্বৰী হাজৰিকাক ঢেকীয়া বুটলিবলৈ যাওঁতে একে গাৱঁৰে  ভাইটি শইকীয়াই প্ৰহাৰ কৰে৷

অৱশ্যে ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। প্ৰহৃত বৃদ্ধা গৰাকীয়েও এই সংক্ৰান্তত একো সুদুত্তৰ দিব পৰা নাই।ইতিমধ্যে ধৰ্মেশ্বৰী হাজৰিকাৰ পুত্ৰ তৰুণ হাজৰিকাই ঘটনা সন্দৰ্ভত উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এগৰাকী শতায়ু গৰকা অসুস্থ বৃদ্ধাক প্ৰহাৰ কৰা এই ঘটনাই সমগ্র অঞ্চলতে সৃষ্টি কৰিছে চাঞ্চল্যৰ।

AttackDA News PlusLakhimpurWoman
Comments (0)
Add Comment