কোনে আগভাগ লৈছিল টঙলাত বগলী নিধন কাৰ্যত, ৩ জনক গ্ৰেপ্তাৰ

ওদালগুৰিৰ টংলা পৌৰসভাৰ অবিবেচক কাণ্ডৰ ফলত মৃত্যুমুখত পৰিছিল বহু সংখ্যক বগলী৷ এই বগলী নিধনৰ বাতৰি সংবাদ মাধ্যমত বহুল পৰিমাণে প্ৰচাৰিত হোৱাৰ পিছতেই সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছিল বন বিভাগে৷ বৃহস্পতিবাৰে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত বগলী নিধনৰ অভিযোগত টংলাত তিনিজনক গ্ৰেপ্তাৰ কৰে বন বিভাগে৷

বন বিভাগে গ্ৰেপ্তাৰ কৰে কাৰ্যবাহী বিষয়া শান্তনু দাস, কনিষ্ঠ অভিযন্তা সদানন্দ চহৰীয়া আৰু গাড়ী চালক মিলন চাংমাক৷ কিন্তু ৰহস্যজনকভাৱে বগলীসমূহে আশ্ৰয় লোৱা বাঁহ গছজোপা কটাৰ বাবে নিৰ্দেশ জাৰি কৰা পৌৰপতিক গ্ৰেপ্তাৰ নকৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

ইউপিপিএলৰ খালেংদুৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ দিলীপ বড়োক গ্ৰেপ্তাৰ নকৰি সাধাৰণ বিষয়াক গ্ৰেপ্তাৰ কৰাক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়া।

ArrestAssam Breaking NewsCaneDA News PlusTangla
Comments (0)
Add Comment