ডিব্ৰুগড়ত গঁড়ৰ খৰ্গসহ দুজনক গ্ৰেপ্তাৰ

সমগ্ৰ অসম ড্ৰাগছমুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়াৰ পাছৰে পৰা সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান। সেই অভিযানৰ অংশ হিচাপে বৃহস্পতিবাৰে নিশা অতৰ্কিতে ডিব্ৰুগড় চহৰৰ পাঁচ আলিত আৰক্ষীৰ এক বৃহৎ বাহিনীয়ে অভিযান চলায়।

অভিযানৰ সময়ত মেৰাজ খানৰ ঘৰৰ ওপৰৰ মহলাত এটা পানীৰ টেংকীৰ ভিতৰত প্লাষ্টিকৰ বেগেৰে মেৰিয়াই লুকুৱাই থোৱা অৱস্থাত এটা গড়ৰ খৰ্গ আৰু হাতীৰ দাঁত উদ্ধাৰ কৰাৰ লগতে ঘৰৰ ভিতৰৰ পৰা হেৰ’ইনসহ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

গোপন সুত্ৰৰ পম খেদি ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেটাং মিশ্ৰাৰ নেতৃত্বত সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীব শইকীয়া, নগৰ পৰিদৰ্শক অৰ্জুন সিংহসহ এক বিশাল বাহিনীয়ে চহৰখনৰ পাঁচ আলিৰ পৰা এটা গড়ৰ খৰ্গ, হাতীৰ দাঁতসহ মেৰাজ খান নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে। ধৃত মেৰাজ খানৰ জিম্মাৰ পৰাই ১৯ গ্ৰাম ড্ৰাগছসহ নগদ ১ লাখ ৩০ হাজাৰ পাঁচশ টকাও জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

AssamBreaking NewsDA News PlusDibrugarh
Comments (0)
Add Comment