গোলাঘাটত জটিল হৈছে ক’ভিড পৰিস্থিতি

গোলাঘাটত ক’ভিড পৰিস্থিতি দিনে দিনে জটিল হৈ পৰিছ৷ ধাৰাবাহিকভাৱে তৃতীয় দিনৰ বাবে ৩ শতাধিক ক’ভিড পজিটিভ চিনাক্ত হৈছে গোলাঘাটত৷ বৃহস্পতিবাৰে জিলাখনত আক্ৰান্ত হৈছে ৩২৩গৰাকী৷ ইয়াৰে ১০১গৰাকী বোকাখাত মহকুমাৰ৷

বুধবাৰে গোলাঘাটত আক্ৰান্ত হয় ৩৩০গৰাকী লোক৷ প্ৰথমবাৰলৈ মঙলবাৰে গোলাঘাটত এদিনত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছিল ৩০০ৰ ঘৰ৷ ইতিধ্যে ক’ভিডে ভয়াৱহ ৰূপ লোৱা বোকাখাত মহকুমা সোমবাৰৰ পৰা কণ্টেইনমেণ্ট জ’ন কৰা হৈছে যদিও জিলাখনৰ আন আন প্ৰান্তত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাক লৈ বাঢ়িছে উদ্বিগ্নতা৷ জিলাখনত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ২,২৬৩গৰাকীলৈ বৃদ্ধি পাইছে৷

CovidDA News PlusGolaghatSituation
Comments (0)
Add Comment