ব্লেক ফাংগাছৰ পিছত এইবাৰ আহিছে CMV!

ডিজিটেল ডেস্কঃ ব্লেক ফাংগাছৰ পিছত এইবাৰ CMV৷ ক’ভিড নিগেটিভ হোৱা একাংশ লোকৰ শৰীৰত দেখা দিছে এই নতুন জটিলতা৷ ৰাজধানী দিল্লীত ইতিমধ্যে CMV অৰ্থাৎ চাইট’মেগাল ভাইৰাচত আক্ৰান্ত ৫জন চিনাক্ত হৈছে৷ ইয়াৰে এজনৰ ইতিমধ্যে মৃত্যু হৈছে৷

CMVৰ জটিলতা হোৱা ৰোগীৰ মাত্ৰাধিক ৰক্তক্ষৰণৰ ফলত মৃত্যু হৈছে৷ মূলতঃ হৃদ আৰু হাঁওফাঁওজনিত সমস্যাৰ সৃষ্টি কৰে CMVএ৷ দিল্লীৰ গংগাৰাম হাস্পতালতে চিনাক্ত হৈছে আটাইকেইজন CMV আক্ৰান্ত৷

ক’ৰোনা আক্ৰান্ত হোৱাৰ পিছত শৰীৰত ইমিউনিটী হ্ৰাসৰ ফলতে এই নতুন জটিলতা আৰম্ভ হোৱাৰ কথা সদৰী কৰিছে চিকিৎসকে৷

Black FungusBreaking NewsCMVCovidDA News PlusDelhi
Comments (0)
Add Comment