৭৪ বছৰীয়া হ’ল আকাশবাণী গুৱাহাটী কেন্দ্ৰ

ডিজিটেল ডেস্ক, গুৱাহাটী: আজি ১ জুলাই। আজিৰ দিনটো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাবে বিশেষ তাৎপর্যপূর্ণ দিন। এই দিনটো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্রতিষ্ঠা দিৱস। ১৯৪৮ চনৰ পৰা বৰ্তমানলৈকে গৌৰৱোজ্জ্বল চানেকি বহনকাৰী আকাশবাণী গুৱাহাটী কেন্দ্ৰ আজিও যেন প্ৰতিগৰাকী শ্ৰোতাৰ মনত চিৰ নতুন, চিৰ তৰুণ। কেতিয়াও নাভাগৰা আকাশবাণী গুৱাহাটী কেন্দ্রই অব্যাহত ৰাখিছে নিজৰ অবিৰত দূৰন্ত যাত্রা। কংক্রিটৰ মহানগৰীৰ চানমাৰিৰ এক সেউজ পৰিৱেশত অৱস্থিত এই কেন্দ্ৰ। এই অনুষ্ঠানটোৱে মানুহৰ অন্তৰে অন্তৰে সিঁচি আছে সতেজ সুবাস।

১৯৪৮ চনৰ ১ জুলাইত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ আৰু শ্বিলং অনাতাঁৰ কেন্দ্র প্রতিষ্ঠা কৰা হৈছিল। প্রথমাৱস্থাত শ্বিলং অসমৰ ৰাজধানী আছিল আৰু গুৱাহাটী সাহিত্য-সংস্কৃতিৰ প্রাণকেন্দ্র আছিল । এই কেন্দ্র দুটাক টেলি সংযোগেৰে এক কৰি কেন্দ্ৰটোৰ নাম ৰখা হৈছিল শ্বিলং-গুৱাহাটী কেন্দ্র। মৌলানা মহম্মদ তৈয়বুল্লাই গুৱাহাটী অনাতাঁৰ কেন্দ্র উদ্বোধন কৰিছিল আৰু তদানীন্তন মুখ্যমন্ত্রী গোপীনাথ বৰদলৈয়ে শ্বিলং কেন্দ্র উদ্বোধন কৰিছিল। আব্দুল মালিক, ভূপেন হাজৰিকা, বীৰেন্দ্ৰ ৰাম ফুকন, ফণী তালুকদাৰ, সত্য প্ৰসাদ বৰুৱা আদি স্বনামধন্য লোকসকলৰ তত্বাৱধান তথা পৰিচালনাত গুৱাহাটী কেন্দ্ৰটি ঠন ধৰি উঠে।

উল্লেখ্য যে ১৯৫৩ চনত প্ৰথমবাৰৰ বাৰে ‘অল ইণ্ডিয়া ৰেডিঅ’ক আকাশবাণী নামেৰে নামাংকৃত কৰা হয় আৰু ইয়াৰ লগে লগে অল ইণ্ডিয়া ৰেডিঅ’ হৈ পৰে আকাশবাণী গুৱাহাটী। এই বিশাল পৰিক্ৰমাই সাহিত্য, কলা-সংস্কৃতি, বিজ্ঞান, ক্ৰীড়া, যুৱ অনুষ্ঠান, শিশু অনুষ্ঠান, কৃষি, স্বাস্থ্য, শিক্ষা, সাক্ষাৎকাৰ অনুষ্ঠান আদি বিভিন্ন দিশৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি জাতীয় অনুষ্ঠানৰ ৰূপ ল’লে।

DA News Plus
Comments (0)
Add Comment