জঘন্য কাণ্ড ! বিবস্ত্ৰ অৱস্থাত মাৰপিট এগৰাকী অসহায় মহিলাক

অভয়াপুৰীৰ নিকটৱৰ্তী আমবাৰী বজাৰত এক জঘন্য কাণ্ড সংঘটিত হৈছে । তালিবানী শাস্তি দিয়া হৈছে এগৰাকী অসহায় মহিলাক। মহিলাগৰাকীক বিবস্ত্ৰ অবস্থাত মাৰপিটৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা বজাৰৰ বহু লোকে প্ৰত্যক্ষ কৰে যদিও কোনেও বাধা নিদিয়ে।

মহিলাগৰাকীক নিৰ্যাতন চলোৱা মানুহজন চৰ অঞ্চলৰ দেৱানী- মুখিয়াল বুলি জানিব পৰা গৈছে। ঘৰৰ পৰা কিবা সামগ্ৰী চুৰি কৰি অনা বুলি অভিযোগ কৰি মানুহজনে মহিলাগৰাকীক খেদি খেদি বজাৰলৈ আনি মাৰপিট কৰে । সম্প্ৰতি এই এই ঘটনাৰ ভিডিঅ ভা হৈ পৰাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইতিমধ্যে,এই ঘটনাৰ সৈতে জড়িত দুজনক আটক কৰা হৈছে। মূল অভিযুক্ত কাছাৰপেটিৰ ইছমাইল হুছেইন আৰু আমবাৰীৰ জাহানুদ্দিন প্ৰামানিকক আটক আৰক্ষীৰ।

AbhayapuriDA News PlusHarrestWomen
Comments (0)
Add Comment