মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল ডেস্ক, মৰাণ: বুধবাৰে সন্ধিয়াৰ ভাগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। সান্ধ্য আইনৰ মাজতে মৰাণৰ তিলৈ দলঙৰ ওপৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা। চাহ পাত কঢ়িয়াই অনা এখন বাহনে মৰাণৰ দিশৰ পৰা আহি থকা এখন AS 01 BJ 4368 নম্বৰৰ মাৰুতি চুইফ্ট ডিজায়াৰক খুন্দা মৰাত দুৰ্ঘটনাত পতিত হয় চুইফ্ট ডিজায়াৰখন।

এই দুৰ্ঘটনাৰ ফলত চুইফ্ট ডিজায়াৰ বাহনখন বিস্তৰ ক্ষতিসাধন হয় যদিও দুৰ্ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই। ইপালে, এই দুৰ্ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে দুৰ্ঘটনাস্থলীত স্থানীয় লোকসকল উপস্থিত হৈ মৰাণ আৰক্ষীক খবৰ দিয়ে।

ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন কেঙৰ জড়িয়তে আৰক্ষী থানালৈ লৈ যায় । উল্লেখ্য যে, বিগত দিন ধৰি চাহপাত কঢ়িওয়া বাহনৰ দৌৰাত্ম্যৰ ফলত এনেদৰে দুৰ্ঘটনা বৃদ্ধি পাই আহিছে বুলি সচেতন লোকে অভিযোগ উত্থাপন কৰিছে।

37 No National HighwayAccidentDA News PlusMoran
Comments (0)
Add Comment