পুনৰ অসুস্থ বলীউডৰ কিংবদন্তি অভিনেতা দিলীপ কুমাৰ

ডিজিটেল ডেস্ক, মু্ম্বাই: পুনৰ অসুস্থ হৈ পৰিছে বলীউডৰ কিংবদন্তি অভিনেতা দিলীপ কুমাৰ। হাওঁফাওঁজনিত ৰোগৰ বাবে অভিনেতাগৰাকীক মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সম্প্ৰতি অভিনেতাগৰাকীৰ স্বাস্থ্যৰ কিছু সুস্থিৰতা দেখিবলৈ পোৱা গৈছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

জানিব পৰা অনুসৰি, অভিনেতাগৰাকীৰ হাওঁফাওঁৰ বৰ্হিঃ ভাগত তৰল পদাৰ্থ জমা হৈছিল। যাৰ বাবে তেওঁ অসুস্থ হৈ পৰিছিল। অৱশ্যে, তেওঁৰ দেহৰ পৰা তৰল পদাৰ্থখিনি উলিয়াই পেলোৱা হৈছে। সম্প্ৰতি তেওঁৰ স্বাস্থ্য সুস্থিৰ হৈ উঠিছে। কিংবদন্তি অভিনেতা কুমাৰৰ আশু আৰোগ্য কামনা কৰিছে বলীউড তথা অনুৰাগীসকলে।

DA News PlusDilip Kumarhealth IssueHospitalised
Comments (0)
Add Comment