ইউৰো কাপত ইটোৰ পিছত সিটোকৈ চমক,এইবাৰ ফ্ৰান্সক পৰাস্ত কৰি চমক ছুইজাৰলেণ্ডৰ !

ইউৰো কাপত ইটোৰ পিছত সিটোকৈ সৃষ্টি হৈছে চমকৰ ৷ এইবাৰ ফ্ৰান্সক পৰাস্ত কৰি চমক দিছে ছুইজাৰলেণ্ডে ৷ খেলৰ ৭৫ মিনিটলৈকে ৩-১গ’লত ব্যৱধানত পিছ পৰি থকা ছুইজাৰলেণ্ডে অন্তিম ১৫ মিনিটত দুটাকৈ গ’ল পৰিশোধ কৰি খেলৰ সমতা স্থাপন কৰে ৷ ইয়াৰ পিছতে টাইব্ৰেকাৰৰ জৰিয়তে ৫-৪ ব্যৱধানত জয়ী হয় ছুইজাৰলেণ্ড ৷ ইউৰো কাপত ১৯৩৮চনৰ পিছত প্ৰথমবাৰৰ বাবে নক-আউট ৰাউণ্ডত জয়ী হৈছে ছুইজাৰলেণ্ড ৷

দলটোৱে শুকুৰবাৰে ছেইণ্ট পিটাৰ্ছবাৰ্গত কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ মুখামুখি হ’ব ৷ আন এখন খেলত ক্ৰয়েছিয়াক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে স্পেইন ৷ সোমবাৰৰ এই শ্বাসৰুদ্ধকৰ খেলখন ৩-৩ ব্যৱধানত পোনতে ড্ৰ হয় যদিও অতিৰিক্ত সময়ত দুটাকৈ গ’ল দি জয় সাব্যস্ত কৰে স্পেইনে ৷ ইয়াৰ লগে লগে প্ৰতিযোগিতাখনত যাত্ৰাৰ অন্ত পৰিল ক্ৰয়েছিয়াৰ ৷ কোৱাৰ্টাৰ ফাইনেলত স্পেইন ছুইজাৰলেণ্ডৰ মুখামুখি হ’ব ৷

DA News PlusEuroCupFranceSwitzerland
Comments (0)
Add Comment