মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব নেকি অখিল গগৈ! NIA-য়ে সাজু কৰিছে নতুন সাক্ষী…

চান্দমাৰী থানাৰ গোচৰত অখিলৰ বিৰুদ্ধে পুনৰাই নতুন সাক্ষী সাজু কৰিছে NIA-য়ে। NIA-ৰ নতুন সাক্ষীৰ আৱেদনক মঞ্জুৰ কৰিছে আদালতে। যাৰ বাবে তিনিগৰাকীলৈ বৃদ্ধি পালে প্ৰটেকটেড সাক্ষীৰ সংখ্যা

চান্দমাৰী থানাৰ গোচৰত অখিল গগৈৰ বিৰুদ্ধে NIA আদালতত আন এক চাৰ্জশ্বীট দাখিল। চাবুৱা থানাৰ গোচৰত ৰেহাই পোৱাৰ পিছতে NIA-ৰ এই তৎপৰতা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, ২০১৯ চনৰ ১২ ডিচেম্বৰত গেপ্তাৰ হোৱা অখিল গগৈক চাবুৱা থানাৰ গোচৰত NIA আদালতে দোষমুক্ত কৰিছিল৷
চান্দমাৰী থানাৰ গোচৰ চলি থাকোতে শুনানিৰ পূৰ্বে মঙলবাৰে পুনৰ অতিৰিক্ত অভিযোগ নামা দাখিল কৰে NIA-য়ে। গোপনে ৰখা সাক্ষীৰ ভিত্তিত এই অভিযোগ দিছে বুলি জানিব পৰা গৈছে।

ইফালে এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে। ”হিমন্ত বিশ্ব শৰ্মাক সপোনতো অখিল গগৈ ভূতে খেদি ফুৰিছে। উপনিৰ্বাচন অখিল গগৈ ওলাই আহিলে বিজেপি পৰাজিত হোৱা ভয়তে এই চক্ৰান্ত কৰিছে৷ বিৰোধী দলসমূহে আত্মসমৰ্পণ কৰাৰ পৰিৱৰ্তে অখিল গগৈয়ে আপোচহীন স্থিতি গ্ৰহণ কৰিছে৷”

AKhil GogoiChargesheetDA News PlusNIA
Comments (0)
Add Comment