ৰাজ্য কঁপাই যোৱা লংকাৰ উদালী কাণ্ডৰ অভিযোগনামা দাখিল কৰিলে আৰক্ষীয়ে

ৰাজ্য কপাঁই যোৱা লংকাৰ উদালী ক’ভিড কেয়াৰ কেন্দ্ৰৰ চিকিৎসক নিগ্ৰহৰ ঘটনাৰ সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ অন্তত মঙলবাৰে আৰক্ষীয়ে আদালতত দাখিল কৰে অভিযোগনামা৷ হোজাইৰ শংকৰদেৱ নগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযোগনামা দাখিল কৰে হোজাই আৰক্ষীয়ে৷

মুঠ ৩৩ জনৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাত ৪৬জন  লোকৰ সাক্ষ্যগ্ৰহণ কৰা হৈছে। ঘটনা সম্পৰ্কত আৰক্ষীয়ে দাখিল কৰে মুঠ ৬৩৯ পৃষ্ঠাজোৰা অভিযোগনামা৷ যোৱা ১ জুনত উদালী ক’ভিড কেয়াৰ কেন্দ্ৰত গিয়াছউদ্দিন নামৰ ৰোগীজনৰ মৃত্যুৰ পাছতে পৰিয়ালৰ সদস্যৰ লগতে একাংশ দুস্কৃতিকাৰীয়ে ক’ভিড কেয়াৰ কেন্দ্ৰটোত কৰ্তব্যৰত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছিল।

লগতে কেন্দ্ৰটোত কৰ্তব্যৰত এগৰাকী মহিলা স্বাস্থ্যকৰ্মী ললিতা ভৰালী নামৰ নাৰ্ছগৰাকীকো উৰ্পযুপৰি প্ৰহাৰ কৰি মুমূৰ্ষ কৰি পেলাইছিল।

CaseChargesheetDA News PlusLankaUdali
Comments (0)
Add Comment