ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল প্ৰায় ২০ টাতকৈ অধিক বাসগৃহ

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰৰ তিনিকোণীয়া শিশুভাৰতী স্কুলৰ কাষত এই বিধ্বংসী অগ্নিকাণ্ড।নিমিষতে অনিয়ন্ত্ৰিত হৈ পৰা জুইত জাহ গ’ল প্ৰায় ২০ টাতকৈ অধিক বাসগৃহ। ভয়াবহ এই অগ্নিকাণ্ডত বিস্ফোৰিত হৈছে প্ৰায় আঠটাকৈ ৰন্ধন গেছৰ ছিলিণ্ডাৰ।

অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ কাৰণ আৰু ক্ষয় ক্ষতিৰ সম্পৰ্কে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় বুলি একাংশ লোকে মত প্ৰকাশ কৰিছে। অবশেষত আগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

Assam NewsDA News PlusDibrugarhFire
Comments (0)
Add Comment