‘মহাজঁট’ নে ‘মহাজোঁট’! BPF-য়ে এৰিব ‘হাত’ৰ হাত…

ফাট মেলিছে মহাজোঁটত৷ কংগ্ৰেছে BPF আছে বুলি দাবী কৰিলেও মহাজোঁটত নাই BPFৰ মন৷ দুবাৰকৈ BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিলিত হৈছে৷ কংগ্ৰেছৰ একাংশ নেতাই হাগ্ৰামা মহিলাৰীৰ BPF মহাজোঁটৰ পৰা আঁতৰি গৈছে বুলি অনুমান কৰিছে৷

ইফালে পূৰ্বৰে পৰা এটা পৰম্পৰাও আছিল যে, ক্ষমতাধিষ্ঠিত দলৰ সৈতেহে থাকে BPF৷ হাগ্ৰামা মহিলাৰী আৰু মুখ্যমন্ত্ৰীৰ বৈঠকে তাৰেই যেন ইংগিত দিলে৷ অৱশ্যে BTRত কি স্থিতিত BPFক ৰখা হ’ব সেয়াহে ডাঙৰ প্ৰশ্ন৷

কিয়নো UPPLৰ সৈতেও মিত্ৰতাত আছে বিজেপি৷ এনে অৱস্থাত BPF মন্ত্ৰজোঁটত লগ লাগিলে BTC ৰাজনীতিৰ সমীকৰণ সলনি হ’ব৷ এতিয়া সময়েহে ক’ব, ক’ৰ পানী ক’লৈ যায়৷

AssamBJPBPFBreaking NewsDA News Plus
Comments (0)
Add Comment