ভেকচিন গ্ৰহণ নকৰাকৈয়ে ভেকচিনৰ প্ৰমাণ-পত্ৰ লাভ এজন ব্যক্তিৰ

ডিজিটেল ডেস্ক, নাহৰকটীয়া: আপুনি বাৰু শুনিছেনে কোনো ব্যক্তিয়ে ভেকচিন গ্ৰহণ নকৰাকৈয়ে ভেকচিনৰ প্ৰমাণ-পত্ৰ লাভ কৰা। হয়, কোনো কালে ক’তো নুশুনা ঘটনাই সংঘটিত হৈছে নাহৰকটীয়াত। নাহৰকীয়াৰ আমোলাপট্টীৰ নিবাসী দীপক গগৈ নামৰ লোকজনে ভেকচিনৰ পালি গ্ৰহণ নকৰাকৈয়ে লাভ কৰিলে ভেকচিনৰ প্ৰমাণ-পত্ৰ।

ঘটনা অনুসৰি, যোৱা ২২ এপ্ৰিলত দীপক গগৈয়ে উক্ত স্বাস্থ্য কেন্দ্ৰটোত মহামাৰী কৰ’ণাৰ কোভাক্সিনৰ প্ৰথমটো পালি গ্ৰহণ কৰিছিল। কিন্তু আচৰিত কথাটো হ’ল কোভাক্সিনৰ দ্বিতীয় পালি গ্ৰহণ নকৰাকৈয়ে প্ৰমাণ পত্ৰ লাভ কৰে গগৈয়ে। এই কাৰ্যত খোদ হতভম্ব হৈ পৰে গগৈ।

উল্লেখ্য যে, দীপক গগৈয়ে COWIN নামৰ এপটোৰ জৰিয়তে অনলাইন পঞ্জীয়ন কৰি তেওঁৰ মোবাইল নম্বৰ ৮৮১২০০৮৭২৫ আৰু AHYPG0993M নম্বৰৰ পানকাৰ্ডৰ জৰিয়তে ২২ এপ্ৰিলত প্ৰথম পালি টীকা গ্ৰহণ কৰি শনিবাৰে প্ৰমাণ-পত্ৰ ডাউনলোড কৰিছিল। কিন্তু এই প্ৰমাণ-পত্ৰ লাভ কৰি তেওঁ হতভম্ব হৈ পৰে। উক্ত প্ৰমাণ-পত্ৰত স্পষ্টভাৱে উল্লেখ আছে যে গগৈয়ে ১০ জুনৰ দিনা ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে য’ত তেওঁৰ মোবাইল নম্বৰ আৰু পান কাৰ্ড নম্বৰ আদি সন্নিবিষ্ট আছে। লগে লগে উক্ত প্ৰমাণ-পত্ৰ খন লৈ নাহৰণি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ সবিশেষ জানিব বিচৰাত চিকিৎসালয়খনৰ মহকুমা চিকিৎসা বিষয়া ডাঃ অনিল দেউৰীয়ে ওলোটাই গগৈৰ ওপৰত খৰ্গহস্ত হৈ পৰে।

নাহৰণি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এনে আজৱ ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ নাহৰকটীয়াত। ইতিমধ্যে গগৈয়ে তেওঁৰ নামত ভেকচিনটো আন কোনো লোকক চিকিৎসালয় কৰ্তৃপক্ষই প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে। ক’ভিডৰ দ্বিতীয় পালি টীকা গ্ৰহণ নকৰাকৈ এজন ব্যক্তিয়ে কিদৰে প্ৰতিষেধক গ্ৰহণৰ প্ৰমাণ পত্ৰ লাভ কৰিলে তাক লৈয়ো সৃষ্টি হৈছে এতিয়া বিভিন্ন প্ৰশ্নৰ। কাৰ গাফিললতিত এই ঘটনা সংঘটিত হ’ল সেয়া এক চিন্তনীয় বিষয়।

DA News PlusNaharkatiya Vaccine incidentVaccine certificate
Comments (0)
Add Comment