জাগীৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা

জাগীৰোডৰ নেলীত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নেলীত দেওবাৰে বিয়লি AS-01-BA-9896 নম্বৰৰ এল্ট’ 800 বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দা মাৰে।

দুৰ্ঘটনাৰ ফলত এল্ট’খনৰ যাত্ৰী চুনিলাল দাস (৫৫) থিতাতে নিহত হয়। ভয়ংকৰ দুৰ্ঘটনাটোত এল্ট’খনৰ চালক মনোজ পোদ্দাৰ গুৰুতৰভাৱে আহত হয়।

আহত আৰু নিহত দুয়োজনৰে ঘৰ জাগীৰোডত। দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন নগাঁৱৰ ৰেংবেঙৰ পৰা জাগীৰোডলৈ আহি আছিল।

AccidentAssam NewsBreakingDA News PlusJagiroadTragedy
Comments (0)
Add Comment