সভাপতি হিচাপে নিযুক্তি পোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বিজেপিৰ কাৰ্যালয়ত ভৱেশ কলিতা

হেঙেৰাবীৰত থকা মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত সভাপতি ভৱেশ কলিতা। বিদায়ী সভাপতি ৰণজিত দাসে আদৰণি জনায় নৱনিযুক্ত সভাপতিগৰাকীক। ৰণজিত দাসে কয় যে, ভৱেশ কলিতাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে শক্তিশালী ৰূপ পাব।

২৯ জুনত আনুষ্ঠানিকভাৱে বিজেপিৰ ৰাজ্যিক সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে ভৱেশ কলিতাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰা অনুষ্ঠানত উপস্থিত থাকিব বুলিও উল্লেখ কৰে কলিতাই।

Assam NewsBhabesh KalitaBJPDA News Plusofficer
Comments (0)
Add Comment