ৰাণীৰ কুখ্যাত শিল ব্যৱসায়ী দিপক বৰুৱাক জে’ল হাজোতলৈ প্ৰেৰণ

গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ কুখ্যাত শিল ব্যৱসায়ী দিপক বৰুৱাক জে’ল হাজোতলৈ প্ৰেৰণ৷ এগৰাকী যুৱতীক নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ দিপক বৰুৱাক৷ হিউমেন ৰাইট্ছ এণ্ড এণ্টি ক’ৰাপশ্যন ফাউণ্ডেচন, ইণ্ডিয়াৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় বৰুৱাক৷

ভাৰতীয় দণ্ডবিধি আইনৰ 425/21, U/S 420/354/294(a)/506 ধাৰাৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। উল্লেখ্য যে, বিগত কিছুদিন ধৰি দিপক বৰুৱাই যুৱতী কেইগৰাকীমানক নিৰ্যাতন চলোৱা ভিডিঅ’ আৰু অডিঅ’ সংবাদমাধ্যমযোগে ভাইৰেল হৈ পৰিছিল।

BusinessmanDA News PlusRani
Comments (0)
Add Comment