অসমৰ কেইখনমান অদ্ভূত আৰু অবিশ্বাস্য ঠাই, জানো আহক ঠাইকেইখনৰ বিষয়ে…

ভাৰতৰ অন্যতম ৰাজ্য উত্তৰ-পূৰ্বাঞ্চল তথা অসম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই। স্বৰ্গীয় অনুভূতিৰে ভৰা আমাৰ জন্মভূমি ভাৰতৰ প্ৰাণকেন্দ্ৰস্বৰূপ। জংঘলৰ দেশ হিচাপে খ্যাত অসম ইতিমধ্য়ে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈ আহিছে। কিন্তু আপুনি জানি আচৰিত হ’ব যে এইখন অসমতে আছে কিছুমান বিশেষ ঠাই । যিকেইখন ঠাই হৈছে অদ্ভূত আৰু অবিশ্বাস্য। আহকচোন আমি জানো সেই ঠাইকেইখনৰ বিষয়ে

১. যাদুৰ দেশ মায়ং- The Land Of Black Magic বুলি খ্যাত অসমৰ একমাত্ৰ ঠাই মায়ঙত তন্ত্ৰ-মন্ত্ৰৰ খেল প্ৰাচীন কালৰে পৰাই চলি আহিছে। বৰ্তমান যুগত যদিও মানুহে তন্ত্ৰ-মন্ত্ৰৰ কথা বিশ্বাস নকৰে তথাপিও সেই ঠাইলৈ বৰ্তমানেও বাহিৰৰ মানুহ আহে। কু-কৰ্মৰ বাবে খ্যাত কলা খেল এই ঠাইৰ বিশেষ আকৰ্ষণ।

২. চৰাইৰ আত্মহত্যাৰ স্থান জাটিংগা- অসম হৈছে পৰিভ্ৰমী চৰাইৰ স্থল। জাটিংগাটো বিভিন্ন পৰিভ্ৰমী চৰায়ে ভিৰ কৰে। কিন্তু আচৰ্য্যকৰ বিষয়টো হ’ল এই ঠাইত চৰাই খাদ্য়ৰ সন্ধানত অথবা জিৰণি ল’বলৈ নহয় বৰং আত্মহননৰ বাবেহে আহে। আৰু এয়া হৈছে লোকবিশ্বাস। উল্লেখ্য যে ইয়াক লৈ পূৰ্বে বহু গৱেষণাও কৰা হৈছে।

৩.নামেৰি ৰাষ্ট্ৰীয় উদ্য়ান স্থিত বগিজুলি কেম্প-প্ৰকৃতিৰ সৌন্দৰ্যৰে ভৰপূৰ এই ঠাই। কিন্তু এই ঠাইতো আছে ভয়ানক ৰহস্য়।লোককথা অনুসৰি এই ঠাইত কিছু সময়ত মহিলাৰ হাঁহিৰ শব্দ শুনিবলৈ পোৱা যায়।

৪.হাহিম পিকনিক স্পট- প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই ঠাইত প্ৰকৃতিৰ অপূৰ্ব ৰূপ উপভোগ কৰিব পাৰি যদিও লোকবিশ্বাস অনুসৰি ইয়াৰ বিভিন্নধৰণৰ আমোদজনক শব্দ শুনিবলৈ পোৱা যায়। যাৰ বাবে এতিয়া এই পিকনিক স্পটত হ্ৰাস পাইছে পৰ্যটকৰ আগমণ।

৫. পুৰণি গুডামত থকা বট গছ- স্থানীয় লোকৰ মতে বাৰ্মীচ সকলে অসমীয়া দৰিদ্ৰ লোকৰ ওপৰত অকথ্য নিৰ্যাতন চলাই হত্য়া কৰিছিল।বৰ্তমানেও সেই ঠাইত মানুহ যাবলৈ ভয় কৰে কিয়নো লোকবিশ্বাস অনুসৰি সেই গছজোপাত অশৰিৰী আত্মাবোৰে বাস কৰে।

AssamAssam picnic SpotDA News PlusHuntingPlace
Comments (0)
Add Comment