চিৰাঙৰ বিজনীত বজ্ৰপাতৰ ফলত এজনৰ মৃত্যু

চিৰাঙৰ বিজনীৰ শিলিখাগুৰীৰ লাবদাংগুৰীত শনিবাৰে বিয়লি বজ্ৰপাতত এজন শ্ৰমিক নিহত হয়। খেতিপথাৰত ভূঁই ৰুই থকা অৱস্থাত বজ্ৰপাতত নিহত হয় দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা শ্ৰমিকজন। নিহত শ্ৰমিকজন ৩ টি কণমানি সন্তানৰ পিতৃ গোপাল বিশ্বাস (৩৫)। নিহত শ্ৰমিকজন বিজনীৰ ১ নং দৈলংঝাৰ নিৱাসী।

উল্লেখ্য যে, গোপাল বিশ্বাসকে ধৰি ২ জন পুৰুষ আৰু ৪ গৰাকী মহিলাসহ মুঠ ৬ জনীয়া শ্ৰমিকৰ দল এটাই লাবদাংগুৰীৰ খেতিপথাৰত ভূই ৰুবলৈ গৈছিল। খেতিপথাৰত কাম কৰি থকা অৱস্থাতে শোকাৱহ ঘটনাটো সংঘটিত হয়।

পৰৱৰ্তী সময়ত নিহত শ্ৰমিকজনৰ মৃতদেহ ১ নং দৈলংঝাৰৰ নিজ গৃহলৈ অনা হয়। পাছত পাণবাৰীৰ আৰক্ষীয়ে নিহত শ্ৰমিকজনৰ ঘৰত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা সদৰ কাজলগাঁৱলৈ প্ৰেৰণ কৰে।

Assam Breaking NewsChirangDA News PlusThunderstorm
Comments (0)
Add Comment