ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ভৱেশ কলিতা

বিজেপিৰ ৰাজ্যিক পৰৱৰ্তী সভাপতি কোন হ’ব তাক লৈ গেৰুৱা দলৰ মাজত অব্যাহত থকা সকলো চৰ্চাৰ ওৰ পেলাই অৱশেষত ঘোষণা কৰা হ’ল সভাপতিৰ নাম। ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি পদত অধিষ্ঠিত হ’ল ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা। পূৰ্বৰ সভাপতি ৰঞ্জিৎ দাসৰ স্থলাভিষিক্তৰ নাম ঘোষণা ৰাষ্ট্ৰীয় নেতৃত্বৰ। নতুন দিল্লীত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ঘোষণা কৰিছে ভৱেশ কলিতাৰ নাম।

ৰাজ্যিক পৰৱৰ্তী সভাপতিক লৈ ৰাষ্ট্ৰীয় পৰ্যায়তো বহু জল্পনা-কল্পনা অব্যাহত আছিল। বিভিন্নজনৰ নাম চৰ্চিত আছিল। আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বান্নদ সোণোৱালৰ নামো চৰ্চাত আছিল। অৱশেষত এই সকলো সামৰি দিল্লীত ৰাষ্ট্ৰীয় নেতৃত্বই ঘোষণা কৰিলে সভাপতি ভৱেশ কলিতাৰ নাম।

উল্লেখ্য যে, ২০২১ৰ বিধানসভা নিৰ্বাচনত ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা বিপুল ভোঁটত জয়লাভ কৰে মন্ত্ৰী ভৱেশ কলিতাই। ভৱেশ কলিতাই মুঠ ৮২,০৭৮ ভোট লাভ কৰিছিল। ১৯,১৯৪টা ভোটত ভৱেশ কলিতাই পৰাস্ত কৰে মূল প্ৰতিদ্বন্দ্বী চিবিআইএমৰ প্ৰাৰ্থী ভগৱান দেৱ মিশ্ৰক।

AssamBJPDA News PlusPresident
Comments (0)
Add Comment