ক’ৰণা হ’টস্পটত পৰিণত হ’ব নেকি শোণিতপুৰ ?

ৰেড ডিষ্ট্ৰিক্টত পৰিণত শোণিতপুৰ। জিলাখনত সম্পূৰ্ণ লকডাউন হ’ব নে কেৱল hotspot সমূহত লকডাউন দিয়া হব সেই সন্দৰ্ভত বৰ্তমানেও সিদ্ধান্ত গ্ৰহণ কৰা নাই। ইতিমধ্যে জিলাখনত চিনাক্ত কৰা হৈছে কেবাটাও hotspot এলেকা।

ইফালে, শুক্ৰবাৰে তেজপুৰত সীমান্ত চেতনা মঞ্চ,পুর্বোত্তৰৰ উদ্যোগত স্থাপন কৰা ভেকচিন প্ৰদান কেন্দ্ৰৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্তই। লগতে তেওঁ জানিবলৈ দিয়ে যে ইতিমধ্যে জিলাখনত এতিয়ালৈকে ৩ লাখ ২০ হাজাৰ লোকক ভেকচিন প্ৰদান কৰা হৈছে।

মন কৰিব লগীয়া বিষয় যে জিলাখনত প্ৰয়োজন অনুসৰি এতিয়াও পৰ্যাপ্ত ভেকচিনৰ অভাৱ হোৱাৰ কথা সদৰী কৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। আনহাতে শোণিতপুৰ আৰক্ষী চাউনিত শুক্ৰবাৰে পুৱাৰে পৰা আৰক্ষীৰ লোকসকলৰ বাবে টিকাকৰণৰ ব্য়ৱস্থা কৰে শোনিতপুৰ প্ৰশাসনে।

CovidDA News PlusTezpurVaccine
Comments (0)
Add Comment