টিয়ক নদীৰ বাঢ়নী পানীত ডুব গ’ল দুই শতাধিক পৰিয়াল

কৰোনাৰ আতংক মাজতে বানৰ তাণ্ডৱ সোনাৰিত।চৰাইদেউ জিলাৰ সোনাৰি নগৰৰ কাষতে টীয়ক নদীৰ বাঢ়নী পানীয়ে নগৰৰ ৬ নং ৱাৰ্ডৰ প্ৰায় ২০০ টা পৰিয়াললৈ কঢ়িয়াই আনিছে অমানিশা। চৰাইদেউ জিলাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল পাহাৰত নেৰা নেপেৰা বৰষুণৰ ফলত টিয়ক নৈয়ে এক বিধংশী ৰূপ ধাৰণ কৰে । যাৰ ফলত টীয়ক নদীৰ বাঢ়নী পানীয়ে নগৰখনৰ পৌৰসভা এলেকাৰ ৬ নং ৱাৰ্ডৰ বানফেৰা গ্ৰাণ্টত ২০০ পৰিয়াল বানত ডুব গৈছে।

পৌৰসভা এলেকাৰ অন্তৰ্ভূক্ত হোৱাৰ পাছতো কিন্তু এই ক্ষেত্ৰত প্ৰশাসনে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে। যাৰ ফলত দুদিন ধৰি বানত ডুব গৈ থকা পৰিয়াল ক্ষুব্ধ হৈ পৰিছে। আনফালে সেই বানাক্ৰান্ত ৰাইজৰ কাষত ঠিয় দিছে চৰাইদেউ জিলা কংগ্ৰেচৰ এটা সজাতি দল। সেই দলটোৱে কিছু পৰিমানৰ সাহাৰ্য দিয়ে বানাক্ৰান্ত ৰাইজক।

DA News PlusFloodSoraideu
Comments (0)
Add Comment