এতিয়াৰে পৰা হেলমেট নহ’লে পেট্ৰ’ল ডিপোত নাপাব পেট্ৰ’ল…

বৰ্ধিত দুৰ্ঘটনা আৰু যানবাহন আইন ভংগকাৰীৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে জিলা পৰিবহন বিভাগ৷ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা পৰিবহন বিভাগৰ বৈঠক৷ বৈঠকত ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷

হেলমেট নহ’লে পেট্ৰ’ল ডিপোত নাপাব পেট্ৰ’ল৷ অত্যাধিক গতিবেগত যানবাহন চলোৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা৷ ভৰিব লাগিব জৰিমণা, ৩ মাহৰ বাবে বাতিল হ’ব লাইচেন্স৷

শিক্ষাৰ্থীয়ে হেলমেট পৰিধান নকৰিলে সোমাব নোৱাৰিব শিক্ষানুষ্ঠানত৷ ন্যায়ালয়ৰ নিৰ্দেশত গঠন হোৱা প্ৰতিখন জিলাৰ পথ সুৰক্ষা সমিতিৰ এই সিদ্ধান্ত৷

DA News PlusHikePetrolPrice
Comments (0)
Add Comment