২৩ দিন ধৰি সন্ধান নাই ১৬ APBNৰ জোৱান ৰিতু বৰাৰ

২৩ দিন ধৰি সন্ধান নাই ১৬ APBNৰ জোৱান ৰিতু বৰাৰ। কৰ্তবস্থলীৰপৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ থকা ৰিতুৰ অপেক্ষাত এতিয়াও মাতৃগৃহত উত্কণ্ঠাৰে ৰৈ আছে ন বোৱাৰী দুলুমনী বৰদলৈ।

মাত্র ছমাহ পূৰ্বেহে বিবাহ হৈছিল ৰিতু-দুলুমনীৰ। কিন্তু বিয়াৰ ছমাহ সম্পূৰ্ণ নহওতেই ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰিল ৰিতু।

ন-বোৱাৰী দুলুমনীৰ চকুত এতিয়া কেৱল চকুলো। প্ৰশ্ন উত্থাপন হৈছে, ক’ত হেৰাল জোৱান ৰিতু বৰা। ১৬ নং বেটেলিয়নৰ অধিনায়ক অৰ্ণৱ ডেকাৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ ৰিতুৰ পত্নী তথা পৰিয়ালৰ।

APBNAssamDA News PlusMissing
Comments (0)
Add Comment