অসমত ক’ৰোনাৰ ফলত নতুনকৈ ২৬ গৰাকীৰ মৃত্যু

শুকুৰবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ২,৭৯৩ গৰাকী লোক। এই তথ্য সদৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে আক্ৰান্তসকলৰ ১৬৫ গৰাকী কামৰূপ মহানগৰ জিলাৰ।

শুকুৰবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ ২.০১%৷ ক’ৰোনাৰ ফলত শুকুৰবাৰৰ দিনটোত মৃত্যু হৈছে ২৬গৰাকী ৰোগীৰ৷

১,৩৯,১০৫ গৰাকী লোকৰ শুকুৰবাৰৰ দিনটোত ক’ভিড পৰীক্ষা কৰা হৈছিল। তাৰ ভিতৰত ২,৭৯৩ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰোনা। শুকুৰবাৰে সুস্থতাৰ হাৰ ৯৩.১২%৷

AssamCovid'DA News Plus
Comments (0)
Add Comment