অখিল গগৈয়ে সাক্ষাৎ কৰিব পাৰিব মাতৃ প্ৰিয়দা গগৈক,NIA আদালতে দিলে অনুমতি

অখিল গগৈয়ে সাক্ষাৎ কৰিব পাৰিব মাতৃ প্ৰিয়দা গগৈক। এন আই এ আদালতে অখিল গগৈৰ মাতৃক সাক্ষাৎৰ বাবে দিলে অনুমতি।মাতৃক সাক্ষাৎ কৰিবলৈ অনুমতি বিচাৰি অখিল গগৈয়ে দাখিল কৰিছিল আবেদন।দুদিনৰ বাবে অখিল গগৈক শিৱসাগৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে। আৰক্ষীৰ এছক’ৰ্টসহ শিৱসাগৰলৈ যোৱাৰ অনুমতি দিয়া হৈছে অখিলক।

ইফালে যোৱা মঙলবাৰে চাবুৱা থানাৰ গোচৰত অখিল গগৈক দোষমুক্ত কৰে NIA আদালতে।  অখিল গগৈয়ে পূৰ্বে জামিন লাভ কৰিছিল চাবুৱা থানা গোচৰত। এতিয়া চানমাৰি থানাৰ গোচৰৰ চাৰ্চ ফ্ৰেমৰ চলি আছে শুনানি। চানমাৰি থানাৰ গোচৰৰ পৰা মুক্ত হ’লে মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ।

AkhilGogoiDA News PlusNIA
Comments (0)
Add Comment