পলাশ জ্যোতি গগৈ
দীৰ্ঘদিনৰ পিছত নিজৰাপাৰৰ ঘৰখনত হাঁহি বিৰিঙিল। বহুদিন ধৰি নুমাই থকা লাইট জ্বলি উঠিল। গাঁৱৰ ঘৰত মাতৃয়েও আজি এসাঁজ খাব পাৰিব। আদালতৰ নিৰ্দেশ পোৱাৰ পিছতে তেওঁৰ হেজাৰজন সমৰ্থকৰ মনত উছাহৰ ঢল বৈছিল। অৱশেষত মুখত এটা হাঁহি লৈ অখিল গগৈ পালেহি নিজৰাপাৰৰ ঘৰখন।
এতিয়া পুত্ৰৰ বাবে তেওঁ কেৱল অখিল গগৈ হৈ থকা নাই। পত্নীৰ বাবেও আগৰ সেই ‘কৃষক নেতা’ স্বামী হৈ থকা নাই। অখিল গগৈ এতিয়া শিৱসাগৰৰ বিধায়ক। ডেৰ বছৰে কাৰাগাৰত থকাৰ পিছত ৪৮ ঘন্টাৰ বাবে মুকলি আকাশৰ তললৈ আহিল ‘বিধায়ক অখিল’।
আজিও কান্ধত মোনা এটা আছে। আকাশ নীলা ছাৰ্টটো আজিও পিন্ধি আছে। মুখত সেই আগৰ হাঁহিটো আজিও বিৰিঙি আছে। হাত দুখনে সংবাদমাধ্যমৰ লোকক নমস্কাৰ দিছে।
চাৰিওফালে নিৰাপত্তাৰক্ষী। অখিল গগৈ এতিয়া ৪৮ ঘন্টাৰ বাবে মুকলি আকাশৰ তললৈ আহিলেও নিৰাপত্তাৰক্ষীৰ বেষ্টনীৰ মাজতে থাকিব লাগিব। কেইঘন্টামান পত্নী, পুত্ৰৰ সৈতে কটাব, কেইঘন্টামান মাতৃৰ সৈতে আৰু বাকী কেইঘন্টা হয়তো শিৱসাগৰবাসীৰ সৈতে কটাব।
সময়ৰ টিকণি সদায় আগফালে। জীৱনৰ আধাছোৱা সময় এনেই কটাই কেতিয়াবা কওঁ, জীৱনত একোকে কৰিব নোৱাৰিলোঁ। আঙুলিৰ মূৰত গণি গণি ৪৮ ঘন্টা কেনেকৈ বিধায়কগৰাকীয়ে খৰচ কৰিব সেইয়া হয়তো তেওঁৰ ভাবিবলৈ সময় নাই।
”আজি মোৰ কুটুলু (সন্তান) ৰ লগত অলপ বহি কথা পাতিছো। বহুদিনৰ পিছত লগ পালো, কথা পাতি আছো এতিয়া।”, সাংবাদিকক লগ পাই এনেদৰে ক’লে অখিল গগৈয়ে। লগতে ক’লে, ”আপোনালোকক ইমানদিন লগ পোৱা নাই। মোৰ এবাৰ চুই চাবৰ মন গৈছে। আজি সম্ভৱ নহ’ল। মই নিয়ম ব্ৰেক কৰাটো ভাল নহ’ব।”
৮ বজাত অখিল গগৈ জিএমচিএইচৰ পৰা ঘৰলৈ অহাৰ কথা আছিল। পুৱা ৪ বজাতে গাঁৱত থকা মাতৃৰ কাষলৈ যোৱাৰ কথা আছিল। সেইয়া হৈ নুঠিল। এইসমূহ আইন আদালতৰ বিষয়। মাতৃ, স্বামী, পিতৃৰ প্ৰেমৰ বান্ধোন কেনেকৈ ভাঙিব আইন-আদালতে। ক্ষন্তেকৰ বাবে হলেও আজি চাগৈ অখিল গগৈৰ সমান সুখী মানুহ আৰু কোনো নাই।
অখিল গগৈয়ে ক’লে, ”আজি মই ৮ বজাত আহিব বিচাৰিছিলো। মোক দেৰিকৈ আনিছে, যাতে মই আপোনালোকক (সাংবাদিকক) লগ পাব নোৱাৰো। ইয়াতো বহুত ঠেলা-হেঁচা হৈছে। এইটো পৰিৱেশ নকৰিলেই মই ভাল পাও।” মুখত তেতিয়াও হাঁহি এটা আছিল কৃষক নেতাগৰাকীৰ।
মানুহজন দীৰ্ঘদিনে কাৰাগাৰত আছে। অধিক সময় চিকিৎসালয়তে আছে। এবাৰ ক’ৰোনাতো আক্ৰান্ত হোৱাৰ খবৰ ওলাইছিল। কেতিয়াবা NIA-ৰ আদালতলৈ অনাৰ সময়ত সংবাদমাধ্যমক মনৰ কথা কৈছিল। কেতিয়াবা একোখন চিঠিও দিছিল। চৰকাৰৰ বেয়া কামৰ কথাই অধিক সময় কৈছিল।
বিধায়ক হোৱাৰ পিছত অখিল গগৈয়ে বিশেষত চৰকাৰক কিছু কামৰ কথা সোৱঁৰাই দিছিল। তেনে কিছু কাম নিজা সমষ্টিৰ আৰু আন কিছু আন আন স্থানৰ।
শুকুৰবাৰে নিশা ঘৰত উপস্থিত হোৱাৰ সময়তো তেওঁ ক’লে, ”এতিয়া মই বিধায়ক, মোক ইমান ঠেলা-হেঁচা নকৰিলেই ভাল পাও। এটা কথাই মই কব বিচাৰিছো, আমাৰ দেশৰ এতিয়া অৰ্থনৈতিক অৱস্থা অতি বেয়া। ৰাজ্যৰ অৱস্থা অতি বেয়া।”
কাৰাগাৰৰ পৰা ৪৮ ঘন্টাৰ বাবে মুকলি আকাশৰ তললৈ অহা অখিল গগৈয়ে বাৰে বাৰে ক’লে মূল্যবৃদ্ধিৰ কথা। চৰকাৰক ক’লে, যদিহে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে তেতিয়া কিন্তু বিপদ অহাটো স্বাভাৱিক।
মূল্যবৃদ্ধিৰ কথা কৈ নেতাগৰাকীয়ে পুনৰ ক’লে, ”মানুহৰ বাবে চৰকাৰে এটা ব্যৱস্থা লব লাগে। চাকৰি থকা লোকক বাদ দি বাকী প্ৰত্যেক পৰিয়ালক চৰকাৰে নগদ ধন ৩ মাহ বা ৬ মাহৰ বাবে দিয়াৰ ব্যৱস্থা কৰিব লাগে।”
চৰকাৰে গুৰুত্ব নিদিলে কেনে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে সেই কথাও নেতাগৰাকীয়ে ক’লে, ”যদি নগদ ধন দিয়াৰ ব্যৱস্থা নকৰে তেতিয়া কেনে পৰিস্থিতি হ’ব নহয় সেইটো চৰকাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। তাৰ পিছত আপোনালোকে দেখিব মানুহৰ মাজত দুৰ্ভীক্ষ হ’ব। গতিকে চৰকাৰে অসমৰ প্ৰতিটো পৰিয়ালক কিছু পৰিমাণে নগদ ধন দিয়াৰ ব্যৱস্থা কৰক। দেশৰ মানুহ বাচিব, চৰকাৰো বাচিব।”
একাংশ লোকে অখিল গগৈ জিন্দাবাদ ধ্বনিও দিলে। নেতাগৰাকীক গুডনাইট ক’লে। অখিল গগৈয়ে ক’লে, ”ৰাতিপুৱা ৬-৭ টাৰ ভিতৰত ইয়াৰ পৰা যাম। যোৱাৰ কথা আছিল ৪ টাত। কিন্তু লৰাটোৰ সৈতে কথা পতাই হোৱা নাই। মোৰ মা আৰু লৰাটোৰ অৱস্থা বেয়া হৈ আছিল।”
নিজৰ কণমানি সন্তানক দীৰ্ঘদিনে নেদেখিলে মনত কেনে অৱস্থা হ’ব পাৰে সেয়া সকলোৱে বুজিব নোৱাৰে। অখিল গগৈয়ে পুনৰ কলে, ”লৰাটোৰ কথা কোনোবাই কলে, মাক টিভিত দেখিলেই মোৰ চকুপানী ওলাই যায়। মই সি যিমান সময় লৈকে সাৰ পাই থাকে তেতিয়ালৈকে তাৰ সৈতে কথা পাতিম।”
গাঁওখনলৈ যাম বুলি কৈ অখিল গগৈয়ে আকৌ কলে, ”মোৰ নিজৰ গাঁও সেইখন, গাঁৱলৈ যাম। মোক গ্ৰেপ্তাৰ কৰা খবৰ পালে মোৰ গাঁৱৰ মানুহবোৰ ওলাই আহে, ৰে’ল ৰখাই দিয়ে। সকলোকে মাত দিব লাগে তেওঁলোক ৰৈ আছে।”
বাৰাণ্ডাত ৰৈ অখিল গগৈয়ে চিঞৰি চিঞৰি মনৰ কথাবোৰ কৈছিল। যিমান হাঁহিলেও চিন্তা ক্ৰিয়া কৰি আছিল মুখত। একাধিক গোচৰত অখিল গগৈ কাৰাগাৰত আছিল। তাৰে কিছু গোচৰ দিয়া হৈছিল NIA-ক। কেইবাটাও গোচৰত জামিন পালে যদিও এতিয়াও সকলো গোচৰৰ পৰা নেতাগৰাকী মুক্ত হোৱা নাই।
কাৰাগাৰৰ পৰাই ইতিমধ্যে ইতিহাস ৰচিবলৈ সক্ষম হৈছে বিধায়ক অখিল গগৈয়ে। কাৰাগাৰৰ বন্ধ কোঠাৰ পৰা নিৰ্বাচন খেলি জিকিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী বিধায়ক অখিল। তেওঁ ২০১৯ চনৰ ডিচেম্বৰ মাহৰ পৰাই গ্ৰেপ্তাৰ হৈ আছে।
বিচনাত শুই পুত্ৰৰ সৈতে তেওঁ কথা পাতিছে। কাষতে পাই ভাগিনীয়েকৰ সৈতেও মনৰ ভাব আদান প্ৰদান কৰিছে। পিতৃ দীৰ্ঘদিন ঘৰত নাছিল। আজি পুত্ৰই কাষতে পাইছে। পত্নীয়েও স্বামীক কাষত পোৱা নাছিল। আজি আদালতৰ নিৰ্দেশৰ পিছতে দুয়োৱে আপোন মানুহজনক এনেদৰে পাইছে।
মাতৃ শয্যাশায়ী। কেতিয়াবা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত থাকে। আন কেতিয়াবা স্বাস্থ্য ভালে থাকিলে ঘৰতে পুত্ৰৰ কথা কৈ কৈ সময় কটাই। খঙতে কেতিয়াবা কয়, মই চাগৈ অখিলক আৰু দেখিবলৈ নাপাম। এই সকলো দুখৰ যে আজি অন্ত পৰিছে।
অখিল গগৈয়ে কাষতে পুত্ৰক পাই কৈছে, কুটুলু মোৰ কোলাত তই মূৰ থৈ শুব পাৰিবি আজি। পত্নীয়েও একেলগে খোৱাৰ মানসেৰে এসাঁজ ভাত ৰান্ধিছে। এই হাঁহি চিৰস্থায়ী হোৱাটোৱে সকলোৱে কামনা কৰিছে। আশা কৰিছে অখিল গগৈ সোনকালেই ওলাই আহিব মুকলি আকাশৰ তললৈ।