জনতা ভৱনত সমাধান সূত্ৰ! নাথাকিব ‘ৰেংক’, কেনেকৈ লাভ কৰিব মেট্ৰিকৰ ফলাফল

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল মূল্যাংকনৰ সমাধান সূত্ৰ ওলোৱাৰ দিশে। কোনো শীৰ্ষস্থান নাথাকে এইবাৰৰ পৰীক্ষাত। ‘ৰেংক’ নিদিয়াৰ সিদ্ধান্ত ছেবা আৰু মাধ্যমিক শিক্ষা সংসদৰ৷

ইতিমধ্যে মেট্ৰিক মূল্যাংকন কমিটীৰ প্ৰতিবেদন সাজু হৈছে৷ এই প্ৰতিবেদন লৈ জনতা ভৱনলৈ ৰাওনা হৈছে মেট্ৰিক মূল্যাংকন কমিটী। আজিৰ দিনটোতেই শিক্ষামন্ত্ৰীক দাখিল কৰিব প্ৰতিবেদন৷ মেট্ৰিক মূল্যাংকন কমিটীয়ে নিদ্ধৰণ কৰিছে মূল্যাংকন নীতি৷
এই নীতিতেই উত্তীৰ্ণ হ’ব পৰীক্ষাৰ্থী৷

উল্লেখ্য যে, পৃথকে পৃথকে অনুষ্ঠিত হৈছিল দুয়োখন বিশেষজ্ঞ কমিটীৰ বৈঠক৷ পূৰ্বৰ পৰীক্ষাক মূল আধাৰ হিচাপে লোৱা হ’ব মূল্যাংকনত৷

AssamDA News PlusExam
Comments (0)
Add Comment