বগাহাতীত পৰিণত কলগাছিয়াৰ সৌৰ চালিত পানী পাম্প আঁচনি

ডিজিটেল সংবাদ, কলগাছিয়া: ৰাজ্য চৰকাৰে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে কোটি কোটি টকা ৰাজহুৱা ধন ব্যয় কৰি আহিছে যদিও এতিয়াও কোনো কোনো অঞ্চলৰ লোক বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে। বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ টাপাজুলি গাঁৱত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে একাংশ লোক।

উক্ত গাঁৱত পাঁচ শতাধিক কৃষক আছে যদিও মাত্ৰ চাৰিজনেহে ঢুকি পাইছে সৌৰ চালিত পানী পাম্প আঁচনি। এপাচি শাকত এটা জলকীয়াৰ দৰে হাজাৰ হাজাৰ কৃষকৰ মাজত মাত্ৰ দুই চাৰিটা সৌৰ চালিত পাম্প যোগান ধৰি ফটা ঢোল বজাইছে কৃষি বিভাগে। সুলভ মূল্যৰ সৌৰ চালিত পানী পাম্পসমূহ প্ৰকৃত কৃষকক বঞ্চিত কৰি বিক্ৰী হয় চোৰাং বজাৰত। এই অভিযোগ একাংশ কৃষকৰ। প্ৰকৃত কৃষকক বাছনি কৰি অধিক পৰিমাণে সৌৰ পাম্প বিতৰণ কৰিবলৈ কৃষি বিভাগক আহ্বান জনাইছে ভুক্তভোগী ৰাইজে।

DA News PlusJaniaKalgachiyasolar water pamp
Comments (0)
Add Comment