এজন বিশেষ ব্য়ক্তি! লুপ্তপ্ৰায় বহু সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছে লোকজনে

অসমীয়া গ্ৰাম্য চহা জীৱনৰ চিনাকি অথচ লুপ্তপ্ৰায় বহু সামগ্ৰীৰে ভৰপূৰ এটা ঘৰ । যত প্ৰতিফলিত হৈছে লোক সংস্কৃতিৰ বহু সম্পদ ।এপদ দুপদ নহয়, অসমীয়াৰ গ্ৰাম্য জীৱনৰ প্ৰতিটো মুহূৰ্তত প্ৰয়োজনীয় বহু সামগ্ৰীৰে ভৰপূৰ গোলাঘাটৰ এই ঘৰখন । বৰ্তমান সমাজৰ পৰা হেৰাই যাব ধৰা বহু সামগ্ৰী সযতনে ৰাখিছে তেওঁ । প্ৰতিটো সামগ্ৰীয়ে সাজি উলিয়াইছে তেওঁ । তেওঁ হৈছে গোলাঘাটৰ জেৰপাই গাওঁৰ বোধেন বৰুৱা। বাঢৈজনৰ হাতৰ পৰশত প্ৰাণ পায় উঠিছে জাতিলাওৰ পেঁপাৰ পৰা চকলিপতীয়া ঢাৰিলৈকে । নেওঠনিৰ পৰা অজলা মুৰৰ ডলালৈকে ।

বৰ্তমান গ্ৰাম্য সমাজত লুপ্তপ্ৰায় বহু সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছে এই জন বোধেন বৰুৱাই । কেৱল সেয়ে নহয় তেওঁ নিৰ্মাণ কৰি উলিয়াইছে অসমীয়া গ্ৰাম্য চহা জীৱনত পুৰ্বতে দেখা বহু সামগ্ৰী কাপোৰ থোৱা জপা , ছৈ দিয়া গৰু গাড়ী, চকলি পতীয়া ভাৰ, মেৰধাৰি , কৰিয়া, ডলা, কুলা, চালনিৰ পৰা বহু সামগ্ৰী । বোধেন বৰুৱাৰ এই সামগ্ৰীসমূহ চাবলৈ যথেষ্ট আগ্ৰহ প্ৰকাশ কৰে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকলে । বোধেন বৰুৱাই এই সামগ্ৰীসমূহ নিৰ্মাণ কৰি এতিয়া সযতনে ৰাখিছে নিজৰ ঘৰতেই ।‌ তেওঁৰ আশা হেৰাই যাব ধৰা এই সম্পদ সমূহ নবপ্ৰজন্মক চিনাকি কৰাই দিয়ক সকলোৱে।

DA News PlusGolaghatOldman
Comments (0)
Add Comment