শক্তি মন্ত্ৰীৰ গৃহ জিলাত আজৱ কাণ্ডঃ বিদ্যুৎ অবিহনেই আহিল বিদ্যুতৰ দীঘলীয়া বিল

ডিজিটেল সংবাদ, ডিব্ৰুগড়: যিসময়ত শক্তি মন্ত্ৰী বিমল বৰা নিজৰ বিভাগটোৰ প্ৰতি তৎপৰ হৈ উঠিছে তেনে সময়তে খোদ মন্ত্ৰী বৰাৰ গৃহ জিলাতে সংঘটিত হ’ল এক আজৱ কাণ্ড। ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ খোৱাঙৰ ১০৮ নং গ্ৰান্টত বিদ্যুৎ বিভাগে তিনি বছৰ পূৰ্বেই বিদ্যুতৰ খুঁটা পুতি বিদ্যুতৰ তাঁৰ লগাইছিল। কিন্তু আজি পৰ্যন্ত গাঁওখনৰ ৰাইজক বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম নহ’ল শক্তি বিভাগ।

বিদ্যুৎ সংযোগ অবিহনেই যোৱাটো বছৰতে আহিছিল বিদ্যুৎৰ এখন দীঘলীয়া বিল। গাঁওখনৰ প্ৰতি ঘৰতে বিভাগৰ তৰফৰ পৰা বিদ্যুৎ মিটাৰ যোগান ধৰা হ’ল যদিও আজি পৰ্যন্ত বিদ্যুৎ সংযোগ লাভ নকৰাত বিদ্যুৎ বিভাগৰ কৰ্ম কাণ্ডত ক্ষোভিত হৈ পৰে গাঁওবাসী। খোদ শক্তি মন্ত্ৰীৰ গৃহ জিলাত বিদ্যুৎ বিভাগৰ এনে কাণ্ডই সকলোকে আচৰিত কৰি তুলিছে। গাঁওখনত অতি সোনকালে বিদ্যুৎ যোগান ধৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।

DA News PlusElectricity BillHuge Amount Bill
Comments (0)
Add Comment