ক’ৰোনালৈ ভয় নাই! নগাঁৱত দিনক দিনে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা

ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও বৰ্তমানেও ৰাজ্যৰ পাঁচ খন জিলাত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিৱৰ্তে দিনক দিনে বৃদ্ধি পাইছে। এইসমূহ জিলাৰ ভিতৰত এখন হৈছে নগাঁও।

জিলাখনত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। ক’ৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যাৰ বাবে কঠোৰ হৈ পৰিছে প্ৰশাসন। কিন্ত চৰকাৰী নীতি নিয়মৰ প্ৰতি কাণসাৰ নাই নগাঁৱৰ একাংশ ৰাইজৰ।

পৰিস্থিতি ইমান বেয়াৰ দিশে গৈছে যদিও একাংশ লোকৰ মুখত নাই মাস্ক তথা সামাজিক দূৰত্ব। যাৰ ফলস্বৰূপে নগাওঁ জিলাটো দিনক দিনে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা। জিলাখনত বুধবাৰৰ দিনটোত আক্ৰান্ত হৈছে ১৭১ গৰাকী লোক। এই তথ্য সদৰি কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে।

AssamCovidDA News PlusNagaon
Comments (0)
Add Comment