সাৱধান! অসমত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ

নাৰী সৰবৰাহকাৰীয়ে কাক কি  প্ৰলোভন দি জালত পেলায় তাৰ কোনো ঠিকনা নোহোৱা হৈছে৷ ৰাজস্থান, উত্তৰ প্ৰদেশৰ পৰা উদ্ধাৰ কৰা হৈছে কামৰূপৰ ছয়গাঁৱৰ কিশোৰী আৰু যুৱতী৷ যোৱা মাহত হঠাৎ নোহোৱা হৈছিল ছয়গাঁৱৰ মাজগুমিৰ তিনিগৰাকী কিশোৰী আৰু এগৰাকী যুৱতী৷ ঘটনা সম্পৰ্কত আৰক্ষীত এজাহাৰ দাখিল কৰিছিল গাঁওখনৰ আজাহাৰ আলী নামৰ লোকজনে৷

ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত থকা এগৰাকী মহিলাক আটক কৰে৷ মহিলাগৰাকীৰ তথ্যৰ ভিত্তিত ছয়গাঁও আৰক্ষীৰ দলে ৰাজস্থানৰ জয়পুৰ আৰু উত্তৰ  প্ৰদেশৰ লক্ষ্ণৌৰ পৰা উদ্ধাৰ কৰে এই কিশোৰী যুৱতীকেইগৰাকীক৷

AssamDA News PlusHumantrafficking
Comments (0)
Add Comment