অসমত ক’ৰোনাৰ ফলত নতুনকৈ ৩৪ গৰাকী লোকৰ মৃত্যু

বৃহস্পতিবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ২,৭৮১গৰাকী লোক। এই তথ্য সদৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে আক্ৰান্তসকলৰ ১৬২গৰাকী কামৰূপ মহানগৰ জিলাৰ।

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ ২.২৪%৷ ক’ৰোনাৰ ফলত বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছে ৩৪গৰাকী ৰোগীৰ৷

১,২৪০১৯ গৰাকী লোকৰ বৃহস্পতিবাৰৰ দিনটোত ক’ভিড পৰীক্ষা কৰা হৈছিল। তাৰ ভিতৰত ২,৭৮১ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰোনা। বৃহস্পতিবাৰে সুস্থতাৰ হাৰ ৯২.৮৪%৷

AssamCovidDA News PlusDeath
Comments (0)
Add Comment