‘পৰিস্থিতি নিয়ন্ত্ৰণ নহ’লে হ’ব পাৰে লকডাউন’- পীয়ূষ হাজৰিকা

ৰাজ্য়ত অব্য়াহত ক’ৰণাৰ সংহাৰী ৰূপ।পৰিস্থিতি নিয়ন্ত্ৰণ নহ’লে পুনৰ হ’ব পাৰে লকডাউন। নগাৱত ভেকচিনেশ্যন চেণ্টাৰ পৰিদৰ্শন কৰি মন্তব্য প্ৰকাশ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ।

বুধবাৰে নগাঁৱৰ অভিভাৱক মন্ত্ৰী তথা জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই নগাঁৱৰ চহৰৰ চাৰিটা ভেকচিনেশ্যন চেণ্টাৰ পৰিদৰ্শন কৰে। নগাঁৱত ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৰ্তমানেও হ্ৰাস পোৱা নাই। পৰিস্থিতি নিয়ন্ত্ৰণ নহ’লে নগাঁৱত সম্পূৰ্ণ লকডাউন হোৱাৰ ইংগিত মন্ত্ৰীগৰাকীৰ। সকলো ৰাইজক ভেকচিন ল’বলৈ আহ্বান পীয়ূষ হাজৰিকাৰ৷

CovidDA News PlusLockdownNagaon
Comments (0)
Add Comment