আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উদযাপন অসম অলিম্পিক সন্থাৰ

ডিজিটেল ডেস্কঃ অসম অলিম্পিক সন্থাই বুধবাৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উদযাপন কৰে। এই দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এখন ভাৰ্চুৱেল বৈঠকত অসম অলিম্পিক সন্থাৰ সভাপতি তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নৰিন্দৰ ধ্ৰুৱ বাট্ৰা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালক পবিত্ৰ ৰাম খাওণ্ডৰ লগতে ক্ৰীড়াক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

ইফালে অসম অলিম্পিক সন্থাৰ সভাকক্ষত এই ভিডিঅ’ কন্ফাৰেন্সৰ মাজতে সন্থাৰ বিষয়ববীয়াসকলে আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ ৱাই চুব্বা ৰাও, বিনীত ৰায় আৰু বিনোদ নেগীক সম্বৰ্ধনা জনায়। আনহাতে, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ লগত সংগতি ৰাখি অসম অলিম্পিক সন্থাৰ উদ্যোগত ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ বিভিন্ন শাখাত ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ৩০০ প্ৰতিযোগীয়ে ভাগ লোৱা এই প্ৰতিযোগিতাৰ ফলাফল ৪৮ ঘন্টাৰ ভিতৰত ঘোষণা কৰা হ’ব।

Assam OlympicDA News PlusOlympic Day Celebration
Comments (0)
Add Comment