আজিও ক্ষতিপূৰণ নাপালে বাঘজানৰ দুৰ্ভগীয়া পৰিয়ালে

বাঘজান বি জি আৰ ৫ নং তৈল খাদটোৰ বিস্ফোৰণত ক্ষতিগ্ৰস্ত ১৬০০ পৰিয়ালৰ মাজত ক্ষতিপূৰণৰ বাবদ ৬১২ টা পৰিয়ালক এ/বি শ্ৰেণীত ভাগ কৰি আগধন হিচাবে দিলে চৰকাৰে৷ বুধবাৰে প্ৰায় এটা বছৰৰো অধিক সময় অতিক্ৰম কৰা BGR-5 বাঘজান তৈল খাদটোত বিস্ফোৰণ হৈ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ বাদ পৰা ক্ষতিগ্ৰস্ত পৰিয়ালক আশ্বাসৰ বাহিৰে অন্য একো প্ৰদান নকৰিলে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ লগতে চৰকাৰে৷

বুধবাৰে ডুমডুমা প্ৰেছ ক্লাবত বাঘজান দীঘলতৰং আদিবাসী ছাত্ৰ সন্থা, বাঘজান দীঘলতৰং উন্নয়ন সমিতি আৰু বাঘজান বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে যুটীয়াভাৱে ডুমডুমা প্ৰেছ ক্লাবত সংবাদমেল অনুষ্ঠিত কৰি ডুমডুমা ৰাজহ চক্ৰ বিষয়া, জিলা প্ৰশাসন, চৰকাৰ তথা অইল কৰ্তৃপক্ষক যিসকল ক্ষতিগ্ৰস্থ পৰিয়ালে বৰ্তমানেও ক্ষতিপূৰণ পোৱাৰ পৰা বঞ্চিত হৈ আছে সেই পৰিয়ালসমূহক উচিত ক্ষতিপূৰণ দিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনায়।

অন্যথা অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠন কেইটাৰ। উল্লেখ্য যে, বাঘজান বিজিআৰ ৫ নং তৈল খাদটো যোৱা ২৭ মে’, ২০২০ তাৰিখে বিস্ফোৰণ সংঘটিত হোৱাৰ লগতে ৯ জুন, ২০২০ তাৰিখে জুই লাগে। ১৭৩ টা দিনৰ অন্ততঃ বিদেশী বিশেষজ্ঞৰ দলে জুই নিৰ্বাপিত কৰে যদিও বৰ্তমান পৰ্যন্ত ক্ষতিগ্ৰস্ত পৰিয়ালে ক্ষতিপূৰণৰ বাবদ আশ্বাসৰ বাদে একো নোপোৱাৰ অভিযোগ সংগঠন কেইটাৰ৷

BaghjanDA News PlusTragedy
Comments (0)
Add Comment