অসমত ক’ৰোনাৰ ফলত ৩০ গৰাকী লোকৰ মৃত্যু

বুধবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ২,৭২৮গৰাকী লোক। এই তথ্য সদৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে আক্ৰান্তসকলৰ ১৮৭গৰাকী কামৰূপ মহানগৰ জিলাৰ।

বুধবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ ১.৬৪%৷ ক’ৰোনাৰ ফলত বুধবাৰৰ দিনটোত মৃত্যু হৈছে ৩০গৰাকী ৰোগীৰ৷

১,৬৬,২২৭ গৰাকী লোকৰ বুধবাৰৰ দিনটোত ক’ভিড পৰীক্ষা কৰা হৈছিল। তাৰ ভিতৰত ২,৭২৮ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰোনা। বুধবাৰে সুস্থতাৰ হাৰ ৯২.৬৩%৷

AssamCovidDA News Plus
Comments (0)
Add Comment