আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫২ সংখ্যক মৃত্যু বাৰ্ষিকী

আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫২ সংখ্যক মৃত্যু বাৰ্ষিকী। অসমীয়া সংস্কৃতিৰ পূজাৰী আৰু অসমৰ বিপ্লৱী শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ ৰাজ্যবাসীৰ। ৰাভাৰ শিল্পী সত্তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ২০জুন দিনটো ‘বিষ্ণু ৰাভা দিৱস’ ৰূপে পালিত হৈ আহিছে। তেখেতৰ সৃষ্টিৰাজিৰ অনুপম গীতসমূহক ‘ৰাভা সংগীত’ ৰূপেও সময়ে স্বীকৃতি প্ৰদান কৰিছে।

১৯০৯ চনৰ ৩১ জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্ম লাভ কৰা বিষ্ণু ৰাভাৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী।

তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষাজীৱনৰ পাতনি মেলা ৰাভাই পৰৱৰ্তী সময়ত উচ্চ শিক্ষাৰ কাৰণে কলকাতালৈ যাত্ৰা কৰে। ইয়াৰোপৰি, ৰাভাই জীৱনৰ প্ৰাৰম্ভিক স্তৰত ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ৷ ৰাভা আছিল এগৰাকী প্ৰসিদ্ধ স্বাধীনতা সেনানী। ৰাভাৰ কাৰণে স্বাধীনতাৰ অৰ্থ কেৱল ব্ৰিটিছসকলৰ পৰা পোৱা স্বাধীনতা নাছিল।

বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ বিভিন্ন জনজাতিসকলৰ বিকাশৰ কাৰণে বিভিন্ন পন্থা হাতত লৈছিল ৷ ব্ৰিটিছ চৰকাৰৰ পৰা পোৱা ২৫০০ বিঘা ভূমি বিষ্ণুপ্ৰসাদ ৰাভাই কৃষকসকলক দান কৰিছিল।

তেখেতৰ চিৰ সেউজ ৰচনাসমূহৰ ভিতৰত আছে পৰজনমৰ শুভ লগনত, লগন উকলি গল, ৰৈ ৰৈ কেতেকী আদি ৷ ইয়াৰোপৰি বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী প্ৰসিদ্ধ অভিনেতা। উল্লেখ্য যে অসমীয়া সাহিত্য সংস্কৃতিৰ ভৰাঁল চহকী কৰা তথা অসমৰ বিপ্লৱী গণ শিল্পীগৰাকীৰ মৃত্যু হয় ১৯৬৯ চনৰ ২০ জুনত।


AssamDA News PlusDeath AnniversaryRabha Day
Comments (0)
Add Comment